Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অভয়াপুৰীত উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ভোটাৰ দিৱস উপলক্ষে সজাগতা মূলক শোভাযাত্ৰা

  গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২৫ জানুৱাৰী:  আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। আজি অভয়াপুৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় ভোটাৰ দিৱ...

 


গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ২৫ জানুৱাৰী: আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। আজি অভয়াপুৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে আজি উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা মহাত্মা গান্ধী পথ হৈ অভয়াপুৰী মহাবিদ্যালয়লৈ অভয়াপুৰীত ভোটাৰ সজাগতা ৰেলী উলিওৱা হয় । এই ৰেলীত অভয়াপুৰী দক্ষিণ সমষ্টিৰ সকলো বি এল ও, অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰীসকলে অংশগ্ৰহন কৰে। ভোটাৰৰ দৃষ্টি আকৰ্ষন কৰিবলৈ তথা সকলোকে ভোট দিয়াৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈকে প্ৰশাসনৰ ফালৰ পৰা এই শোভাযাত্ৰাৰ আয়োজন কৰা হয়।অনুষ্ঠানটোত মহকুমাধিপতিগৰাকীয়ে যুৱ ভোটাৰ সকলক ভোটদানৰ গুৰুত্ব আৰু প্ৰয়েজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিত সক্ৰিয় ভাৱে জড়িত হবলৈ আহ্বান জনায়। ‘ভোটদান প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ’ বুলি মন্তব্য কৰি মহকুমাধিপতিগৰাকীয়ে সকলো শ্ৰেণীৰ ভোটাৰক মুক্ত, নিকা আৰু শান্তিপূৰ্ণ ভাৱে জাতি ধৰ্ম, বৰ্ণ ভাষা, সম্প্ৰদায় বা প্ৰলোভনৰ বশৱৰ্ত্তী নোহোৱাকৈ নিৰ্ভয়ে  ভোটদান কৰিবলৈ আহ্বান জনায়। আজিৰ এই ভোটাৰ দিৱসৰ সজাগতা মূলক শোভাযাত্ৰাখন আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱাই।

No comments