Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অনলাইনত মোবাইল অৰ্ডাৰ দি প্ৰতাৰিত হল গোৱালপাৰাৰ এক যুৱক, অৰ্ধলক্ষাধিক টকাৰ মেৰপেচত ডেলিভাৰী বয় আৰু গ্ৰাহক গৰাকী

  আনিছুল জামান, গোৱালপাৰা ১৮ জানুৱাৰী -অনলাইনত বস্তু অৰ্ডাৰ কৰতে সাৱধান। কাৰণ অনলাইনত মোবাইল অৰ্ডাৰ প্ৰতাৰিত হল গোৱালপাৰাৰ এজন যুৱক।অৰ্ধ লক্...

 


আনিছুল জামান, গোৱালপাৰা ১৮ জানুৱাৰী -অনলাইনত বস্তু অৰ্ডাৰ কৰতে সাৱধান। কাৰণ অনলাইনত মোবাইল অৰ্ডাৰ প্ৰতাৰিত হল গোৱালপাৰাৰ এজন যুৱক।অৰ্ধ লক্ষাধিক টকাৰ মেৰপেছত পৰিছে এতিয়া যুৱ জনৰ লগতে ডেলিভাৰী বয় গৰাকীয়ে। কোম্পানীৰ  লগত যোগাযোগ কৰিও নাপালে কোনো সন্তোষজনক সহাৰি । ঘটনাৰ বিবৰণি মতে গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত  কাৰবলাৰ ইমদাদুল ইছলাম নামৰ যুৱক এগৰাকীয়ে যোৱা কিছুদিন পূৰ্বে ফ্লিপকাৰ্ট ৰ পৰা ৪৯,৯৯০ টকীয়া ভি'ভ এক্স ৫০ পৰো মোবাইল ফোন এটা অৰ্ডাৰ কৰে। অৰ্ডাৰ মতেই  ডেলেভেৰি বয় এজনে পাৰ্চেলটো ইমদাদুলক দিবলৈ আহে আৰু ইমদাদুলেও  নগদ ধন আদায় দি পাৰ্চেলটো চমজি লয়। ইফালে ৫০ হাজাৰটকীয়া পাৰ্চেলটো চাবলৈ কেইগৰাকীমান উৎসুক লোকে ভিৰ কৰে আৰু ডেলিভাৰী বয় গৰাকীৰ সন্মুখতে অন কেমেৰাত পাৰ্চেলটো খোলা হয়। কেবা গৰাকী ব্যক্তিৰ সন্মুখতে পাৰ্চেলটো কেমেৰাৰ সন্মুখতে খুলি চোৱাৰ পিছত উপস্থিত সকলোৰে চকু কপালত উঠে।কাৰণ পাৰ্চেলটো খোলাৰ পিছতে হতভম্ব হৈ পৰে ডেলিভাৰী বয় সহ উপস্থিত লোক সকলেও । কিয়নো ইমদাদুলে অৰ্ডাৰ কৰা ধৰণে ভি'ভ এক্স ৫০ পৰো মোবাইলৰ বিপৰীতে পুৰণি আৰু ডিচপ্লে ভঙা মোবাইল ফোন এটাহে ওলায়, সেয়াও ৭০০০ হাজাৰ টকীয়া দামৰ মোবাইল ফোনহে । লগে লগেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ডেলিভাৰী বয়ক আদায় দিয়া ৫০ হাজাৰ টকাকলৈ লাগে টনা আজোৰা। ফ্লিপকাৰ্ট নামৰ অনলাইন কোম্পানীয়ে গ্ৰাহকক এনেধৰণৰ প্ৰতাৰণা কৰাৰ ঘটনা নতুন নহয়। এতিয়া প্ৰশ্ন হয় ফ্লিপকাৰ্ট নামৰ অনলাইন শ্বপিং কোম্পানীটোৱে বাৰে বাৰে গ্ৰাহকক প্ৰতাৰণা কৰা ঘটনা পোহৰলৈ আহিছে যদিও  ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰে  কোনো ব্যৱস্থা  গ্ৰহণ  নকৰে কিয়? এই লৈ এতিয়া ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে।

No comments