এম মহিবৰ ৰহমান, নলবাৰী, ১ জানুৱাৰীঃ শেহতীয়াভাবে বনভোজস্থলীলৈ পৰ্যবসিত হোৱা নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্ট, কহুৱা ৰিজ'ৰ্টতো আজি বছৰৰ প্...
এম মহিবৰ ৰহমান, নলবাৰী, ১ জানুৱাৰীঃ শেহতীয়াভাবে বনভোজস্থলীলৈ পৰ্যবসিত হোৱা নলবাৰীৰ পাগলাদিয়া ৰিজ'ৰ্ট, কহুৱা ৰিজ'ৰ্টতো আজি বছৰৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য হৈ পৰে। পাগলাদিয়া নৈৰ পাৰত এচাম লোকে কৃষিপামক কেন্দ্ৰ কৰি গঢ়ি তোলা এই ৰিজৰ্টত মূলতঃ বনভোজ খোৱাৰ বাবেই আজি সহস্ৰাধিক লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়। অৱশ্যে ৰিজৰ্ট দুখনৰ উপযুক্ত ব্যৱস্থাপনাৰ অভাৱত বনভোজকাৰীসকল ধূলিৰে ধূসৰ হৈ পৰে। এই ৰিজৰ্টত প্ৰৱেশ মূল্য সংগ্ৰহৰ ব্যৱস্থা আছে যদিও চৌদিশে সৃষ্টি হোৱা ধূলিময় পৰিৱেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্ত্তৃপক্ষই সাধাৰণ পানী চটিওৱাৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে যন্ত্ৰণা ভূগিব লগাত পৰে। আনহাতে, নামত ৰিজ'ৰ্ট যদিও তালৈ যোৱা লোকৰ বাবে নাই উপযুক্ত খোৱা পানীৰ ব্যৱস্থা কিম্বা শৌচালয়, প্ৰস্ৰাৱগাৰ।যাৰ ফলশ্ৰুতিত বনভোজকাৰী দলসমূহে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগীয়া হয়।এনে ক্ষেত্ৰত জিলা প্ৰশাসনক এনে দিশৰ ওপৰত নজৰ দিবলৈ ৰাইজে আহ্বান জনাইছে।ইপিনে পাগলাদিয়া ৰিজৰ্টত আজি অনুষ্ঠিত হয় সাংবাদিক সম্বৰ্ধনা অনুষ্ঠান।নলবাৰীৰ 'ভাগ্যশ্ৰী মটৰ্চৰ উদ্যোগত পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাসে আঁত ধৰা উক্ত সাংবাদিক সম্বৰ্ধনা আৰু অন্তৰংগ আলাপ অনুষ্ঠানত নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক বীৰেন কলিতা,ব্ৰজেন তালুকদাৰ,চম্পক বৈশ্য,শশাংক শৰ্মাকে ধৰি কেবাগৰাকী সাংবাদিকক গামোচা,ডায়েৰি,নৱবৰ্ষৰ কেলেণ্ডাৰ আদিৰে সম্বৰ্ধনা জনায়।লগতে সাংবাদিক সকলেও নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।আনহাতে ভাগ্যশ্ৰী মটৰ্চৰ কৰ্মচাৰী সকলে গীত-নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰে।অন্তৰংগ আলাপ অনুষ্ঠানত সমাজসেৱিকা তৰুলতা দাস, সমাজকৰ্মী নৰেন দাস,মোহন হালৈ,মনোজ কুমাৰ শৰ্মা,দীপক ৰাজবংশী,গকুল মহন্তকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।
No comments