Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ শুভাৰম্ভণি

ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ ২১ জানুৱাৰী : ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ জিলা ভিত্তিক পথ সুৰক্ষা সজাগতা কাৰ্যসূচী বুধবাৰে দৰং জিলাত শুভাৰম্ভ কৰা ...


ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ ২১ জানুৱাৰী : ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ জিলা ভিত্তিক পথ সুৰক্ষা সজাগতা কাৰ্যসূচী বুধবাৰে দৰং জিলাত শুভাৰম্ভ কৰা হয়। এই উপলক্ষে দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত মঙলদৈৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত কৰা হয় । জিলা পৰিবহন বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে কয় যে পৰিবহন বিভাগ, আৰক্ষী আদি আইন বলবৎকাৰী চৰকাৰী সংস্থাই যানবাহন আইন উলঙ্ঘনকাৰীৰ বিৰুদ্ধে কেৱল জৰিমনা ভৰাই বা আন শাস্তিমূলক ব্যৱস্থাৰে পথ দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰে ।ইয়াৰ বাবে লাগিব সকলো শ্ৰেণীৰ লোকৰ পথ সুৰক্ষাৰ সজাগতা। জিলাখনত পথ দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰাতো এক প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট চৰকাৰী বিভাগৰ লগতে উপস্থিত সকলো ৰাইজক আহ্বান জনায়। জিলা পৰিবহন বিভাগৰ যান বাহন পৰিদৰ্শক দিগন্ত ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী সভাত খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন হাজৰিকা , উপ আৰক্ষী অধীক্ষক ক্ষীৰকান্ত বৰা,  জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ,  বিশিষ্ট ক্ৰীড়াবিদ বীৰেণ মেধিকে ধৰি ভালেমান নেতৃস্হানীয় ব্যক্তি , যুৱক-যুৱতী, জিলা পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।  ইয়াৰ পূৰ্বে মাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে মঙলদৈ চহৰৰ মাজেৰে 'পথ সুৰক্ষা জীৱন ৰক্ষা ' শীৰ্ষক বিষয়েৰে এটা সজাগতামূলক মটৰ চাইকেল ৰেলী উলিওৱা হয় ।

No comments