Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিলাইত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ

  গণ বাৰ্তা বোকাজান, ১২ জানুৱাৰীঃ- চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা নগালেণ্ড হৈ কাৰ্বি আংলং জিলাৰ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আন্তঃৰাষ...


 গণ বাৰ্তা বোকাজান, ১২ জানুৱাৰীঃ- চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা নগালেণ্ড হৈ কাৰ্বি আংলং জিলাৰ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই দেশৰ বিভিন্ন প্ৰান্তলৈ নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখাৰ বিপৰীতে এনে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আজি পুৱাৰ ভাগত জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক মূল্যৰ ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৯.৩০ বজাত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিলাই তিনিআলিত এক বিশেষ নাকা তালাচী অভিযান চলাই। তেনে সময়তে ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এএছ-০২-চিচি-২১০৪ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী অভিযান চলাই আৰক্ষীয়ে । উক্ত অভিযানত বাছখনৰ এগৰাকী যাত্ৰীৰ জিম্মাৰ পৰা এটা মোনাত লুকুৱাই অনা অৱস্থাত ৩১ টা চাবোনৰ বাকচৰ পৰা ৩৭১ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন ডিমাপুৰৰ ডিফুপাৰ থানাৰ অন্তৰ্গত ডিমাপুৰ পাঁচ মাইলৰ আচৰ আলি (২৩) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় দহ লাখ টকা বুলি বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে।

No comments