Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভেল্লাত বিজেপিৰ উত্থান দেখি অভিভূত বিজেপিৰ ৰাজ্যিক নেতা

  আজিজুল হক, ভেল্লা, ১৯ জানুৱাৰীঃ বৰপেটাৰ ঐতিহাসিক ভেল্লাৰ বালাচৰত আজি বিজেপিৰ বৰপেটা ব্লক মণ্ডলৰ উদ্যোগত এখনি বুথ সন্মিলনী সভা এখন অনুষ্ঠিত...

 


আজিজুল হক, ভেল্লা, ১৯ জানুৱাৰীঃ বৰপেটাৰ ঐতিহাসিক ভেল্লাৰ বালাচৰত আজি বিজেপিৰ বৰপেটা ব্লক মণ্ডলৰ উদ্যোগত এখনি বুথ সন্মিলনী সভা এখন অনুষ্ঠিত হৈ যায়। বৰপেটা ব্লক মণ্ডলৰ উপ-সভাপতি জুলফিকাৰ ওজাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিজেপিৰ ৰাজ্যিক সদস্য হেমন্ত দেউৰীয়ে উপস্থিত হৈ ভেল্লা অঞ্চলৰ লোকৰ মাজত গঢ় লৈ উঠা বিকল্প ৰাজনীতিৰ চিন্তা অনুভৱ কৰি আপ্লুত হয়। কংগ্ৰেছৰ চৰকাৰৰ দ্বাৰা অবহেলিত ভেল্লাৰ ভোটাৰৰ মাজত বিজেপিৰ উত্থান দেখি হেমন্ত দেউৰীয়ে অভিভূত হৈ পৰে। দেউৰীয়ে বিজেপিৰ মিছন ১০০ সফল হোৱাত ভেল্লাবাসীয়ে সম্পূৰ্ণ সহযোগ কৰিব বুলি মতপোষণ কৰে। বুথ সন্মিলনীত উপস্থিত হোৱা দলীয় কৰ্মীৰ উৎসাহে তাকে প্ৰতিপন্ন কৰিছে। উল্লেখ্য যে, স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছৰ দখলত থকা বৃহত্তৰ ভেল্লা অঞ্চলৰ এই গৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছে চৰম অৱহেলা কৰাৰ অভিযোগ উঠিছে। চেঙা আৰু বৰপেটা সমষ্টিত অন্তৰ্ভুক্ত ভেল্লা অঞ্চলৰ ৰাইজে দুগৰাকীকৈ বিধায়ক পোৱাৰ পিছতো বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে । যাৰ ফলত ৰাইজে বিকল্প ৰাজনৈতিক দল আৰু নেতাৰ প্ৰয়োজনবোধ কৰিবলৈ বাধ্য হৈছে। সভাত ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ সদস্য ধনী আলী, বৰপেটা বিধানসভাৰ প্ৰভাৰী সঞ্জয় মজুমদাৰ। ভেল্লাৰ ৫ নং বুথ কমিটিৰ সভাপতি আমজাদ হুছেইন, ৪নং বুথৰ সভাপতি হাইৰুল ইছলাম, গোমাফুলবাৰী মণ্ডলৰ সংখ্যালঘুৰ মৰ্চাৰ সাধাৰণ সম্পাদক আতোৱাৰ ৰহমান, বৰপেটা ব্লক মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইউচুফ আনছাৰী, ভাই ভাই শক্তিকেন্দ্ৰৰ আহ্বায়ক ৰচিম আলীৰ লগতে বুথ কমিটিৰ সদস্যসকল উপস্থিত থাকে। 

No comments