Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুঁজিপতিৰ ৰক্ষক বিজেপিশাসিত চৰকাৰখনৰ মিথ্যাচাৰী চৰিত্ৰ উন্মোচিত; ভোটাৰক প্ৰলোভিত কৰিবলৈ গৈ মন্ত্ৰী নৱ কুমাৰ দলে উদ্বোধন কৰিলে এন এইচ পি চিৰ আঁচনি

  গণ বাৰ্তা বিশেষ, লখিমপুৰ , ৭ জানুৱাৰী : নিৰ্বাচন আহিলেই ভোটাৰ ৰাইজক প্ৰলোভিত কৰিবলৈ গৈ ন-ন আঁচনিৰ আধাৰশিলা স্থাপন তথা কামৰ শুভাৰম্ভৰে প্ৰৱ...

 


গণ বাৰ্তা বিশেষ, লখিমপুৰ , ৭ জানুৱাৰী : নিৰ্বাচন আহিলেই ভোটাৰ ৰাইজক প্ৰলোভিত কৰিবলৈ গৈ ন-ন আঁচনিৰ আধাৰশিলা স্থাপন তথা কামৰ শুভাৰম্ভৰে প্ৰৱঞ্চনা কৰি অহা ৰাজ্যৰ বিজেপিশাসিত চৰকাৰখনৰ মিথ্যাচাৰী চৰিত্ৰ আজি পুনৰ উলংগ হৈ পৰিল লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰত । বৃহৎ নদীবান্ধৰ অন্ধ সমৰ্থক ৰাজ্যৰ বিজেপিশাসিত চৰকাৰখনৰ এনে মিথ্যাচাৰী চৰিত্ৰক কদম ৰাজহ চক্ৰবাসীৰ ওচৰত আজি উদঙাই দিলে খোদ চৰকাৰখনৰে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই । উল্লেখ্য যে , বৃহৎ নদীবান্ধবিৰোধী আন্দোলন প্ৰশমিত কৰাৰ স্বাৰ্থত এন এইচ পি চি কৰ্তৃপক্ষই যোৱা তিনি-চাৰিটামান বছৰৰ ভিতৰত কোটি-কোটি টকা ব্যয় কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰি থকা লোকসকলৰ জীৱন-সম্পত্তিৰ সূৰক্ষাৰ দিশটোক আগত ৰাখি সোৱণশিৰি নৈৰ দুয়োপাৰে খহনীয়া প্ৰতিৰোধী বান্ধ নিৰ্মাণৰ যি আঁচনি ৰূপায়ণ কৰি আহিছে তাৰে অংশৰূপে এন এইচ পি চিয়ে ৰাজহ চক্ৰ এলেকাটোৰ অধীনৰ হেকেৰাজানতো ইতিমধ্যে পাঁচ কোটি টকা ব্যয়সাপেক্ষ এখন খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণৰ কাম হাতত লৈছে । একমাত্ৰ বান্ধবিৰোধী আন্দোলনকাৰীৰ দাবীৰ প্ৰতি সন্মান জনায়ে বান্ধলবীয়ে সোৱণশিৰিৰ দুয়োপাৰে খহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণ কৰি আহিছে যদিও ঢকুৱাখনা সমষ্টিবাসীক বান-খহনীয়াৰপৰা সূৰক্ষা প্ৰদানত যোৱা ন বছৰে তিলমানো গুৰুত্ব প্ৰদান নকৰা মন্ত্ৰী নৱই বৰ্তমান এন এইচ পি চিৰ বোকোচাতে উঠি প্ৰলোভনৰ ৰাজনীতিৰ আশ্ৰয় লৈ আকৌ এবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয় । ক'বলৈ গ'লে হেকেৰাজানত সোৱণশিৰি নদীয়ে অব্যাহত ৰখা খহনীয়া প্ৰতিৰোধৰ নামত যোৱা ন টা বছৰত একাংশ দলীয় নেতা-পালিনেতাক ধন লুণ্ঠনৰ সুবিধাহে প্ৰদান কৰি অহা মন্ত্ৰীগৰাকীয়ে আজি নিজৰ ব্যৰ্থতা তথা অকৰ্মণ্যতাক ঢাকিবলৈ গৈ চৰকাৰী আঁচনি নোহোৱাস্বত্বেও সাংসদ প্ৰদানৰ হাতত ধৰি এন এইচ পি চিৰ আঁচনিখনকে হেকেৰাজানত পুৱা ১০ - ৩০ বজাত উদ্বোধন কৰি ভোটাৰক প্ৰলোভিত কৰাৰ স্বাৰ্থত তেওঁৰ নিকৃষ্ট মানসিকতাক উদঙাই দেখুৱায় । চৰকাৰী আঁচনি ৰূপায়ণেৰে হেকেৰাজানবাসীক সূৰক্ষা প্ৰদানত যোৱা ন বছৰে ব্যৰ্থ হৈ অহা মন্ত্ৰীগৰাকীয়ে আজি হেকেৰাজানত ভোটৰ অংক আগত ৰাখি যি মিথ্যাচাৰীতাৰ আশ্ৰয় ল'লে তাক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনৰ লগতে কদম ৰাজহ চক্ৰ এলেকাটোৰ সচেতন ৰাইজে । 

No comments