গণ বাৰ্তা, তামাৰহাট ১২ জানুৱাৰী: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাড়া গাঁওত যোৱা নিশা পহৰাৰত গাঁওৰক্ষী বাহিনীৰ এটা দলে অবৈ...
গণ বাৰ্তা, তামাৰহাট ১২ জানুৱাৰী: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাড়া গাঁওত যোৱা নিশা পহৰাৰত গাঁওৰক্ষী বাহিনীৰ এটা দলে অবৈধ শাল কাঠ ভৰ্তি দুখন টেৰ -টেৰী গাড়ী আটক কৰি তামাৰহাট থানাত চমজাই দিয়ে । প্ৰপ্ত বাতৰি মতে আঞ্চলটোত সক্ৰিয়হৈ থকা চোৰাং কাঠৰ ব্যাবসায়ী চক্ৰৰ দল এটাই কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝ'ৰা বনাঞ্চলৰ পৰা প্ৰচুৰ পৰিমাণৰ কোমল শাল কাঠৰ কুণ্ডা দুখন টৈৰ-টেৰী গাড়ীত বোজাই কৰি চোৰাং বজাৰত বিক্ৰী কৰাৰ উদ্যেশেৰে পশ্চিম বংগ অভিমুখে গৈ আছিল । পশ্চিম বংগ অভিমূখে যোৱাৰ পথত যোৱা নিশা পহৰা ৰত গাঁওৰক্ষী বাহিনীৰ দল এটাই তামাৰহাট থানাৰ অন্তৰ্গত মুছলমানপড়া গাঁওত উক্ত শাল কাঠ ভৰ্তি গাড়ী দুখন আটক কৰে ।পিছত তামাৰহাট থানাৰ আৰক্ষীক খবৰ দিয়াত তামাৰহাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ শাল কাঠৰ কুণ্ডা ভৰ্তি গাড়ী দুখন জব্দ কৰি থানালৈ লৈ যায় ।জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় এক লাখ টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
No comments