বঙাইগাঁও, ২৯ জানুৱাৰীঃ বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে নিশা চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন নম্বৰবিহীন অবৈ...
বঙাইগাঁও, ২৯ জানুৱাৰীঃ বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে নিশা চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন নম্বৰবিহীন অবৈধ চোৰাং কাঠভৰ্তি বাহন জব্দ কৰে ৷ বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত নিশা দুইমান বজাত বিশেষ বন সুৰক্ষা বাহিনীৰ এটা দলে বঙাইগাঁৱৰ চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত টহল দি থকা অৱস্থাত কাঠভৰ্তি টাটা ডি আই বাহনখন জব্দ কৰাৰ লগতে বীৰচান বসুমতাৰী নামৰ চালকজনক আটক কৰে ৷পিচত আটকাধীন চালকজনৰ লগতে জব্দকৃত কাঠভৰ্তি বাহনখন বন বিভাগৰ দলে আই উপত্যকা বন সংমণ্ডল চৌহদলৈ আনে ৷ বন বিভাগে বন আইনৰ অধীনত বীৰচান বসুমতাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু আজি আদালতত হাজিৰ কৰোৱাত আদালতে চালকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে উক্ত অবৈধ কাঠখিনি চিৰাং জিলাৰ শান্তিপুৰ এলেকাত বাহনখনত বোজাই কৰিছিল আৰু বৰপেটাৰোডলৈ বুলি লৈ গৈ আছিল ৷
No comments