Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তামাৰহাটত নাবালিকাক অপহৰণ; ৪৮ ঘণ্টাৰ পিছত অৰুণাচলৰ পৰা উদ্ধাৰ ; অপৰণকাৰীক শাস্তিৰ দাবীৰ নামত আকাংশৰ উদ্ভণ্ডালি

  গণ বাৰ্তা, তামাৰহাট ৪ জানুৱাৰী : নতুন বছৰৰ প্ৰথম দিনাই অৰ্থাৎ যোৱা ১ জানুৱাৰীৰ দিনা তামাৰহাট অঞ্চলত সংঘটিত হয় এক জঘন্য ঘটনা । আব্দুল মান্ন...

 


গণ বাৰ্তা, তামাৰহাট ৪ জানুৱাৰী : নতুন বছৰৰ প্ৰথম দিনাই অৰ্থাৎ যোৱা ১ জানুৱাৰীৰ দিনা তামাৰহাট অঞ্চলত সংঘটিত হয় এক জঘন্য ঘটনা । আব্দুল মান্নান নামৰ এজন যুৱকে অপহৰণ কৰে এগৰাকী নাবালিকা ছোৱালীক । অৱশেষত অপহৰণৰ ৪৮ ঘণ্টা পিছত দশম মান শ্ৰেণীৰ ছাত্ৰী গৰাকীক অৰুণাচলৰ পৰা উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাণ্ডৰ মূল ব্যাক্তি আব্দুল মান্নান শ্বেখক আটক কৰিবলৈ সক্ষম হয় তামাৰহাট থানাৰ আৰক্ষীয়ে । উদ্ধাৰকৃত নাবালিকা গৰাকীক আজি ধুবুৰী আদালতত হাজিৰ কৰাৰ লগতে অপহৰণকাৰীৰ লগত জড়িত পাঁচ জনক ধুবুৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, ধুবুৰী জিলাৰ তামাৰহট থানাৰ অন্তৰ্গত বৰখচুৱা গাঁওৰ তথা বৰজান-বৰখচুৱা হাই স্কুলৰ দশম মান শ্ৰেণীৰ ছাত্ৰী এগৰাখি পহেলা জানুৱাৰীৰ দিনা নিজা ঘৰৰ পৰা স্কুললৈ গৈ থকাৰ সময়ত একেখন থানাৰে অন্তৰ্গত হৰিপুৰ গাঁওৰ বাসিন্দা আব্দুল মান্নান শ্বেখে ছাত্ৰী গৰাকীক অপহৰণ কৰি লৈ যায় । পৰিয়ালৰ লোকে বহুত ঠাইত বিচাৰিও ছাত্ৰী গৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি উপায়ন্তৰহৈ পিচ দিনা ঘটনা সংক্ৰান্তত তামাৰহাট থানাত এখন ইজাহাৰ দাখিল কৰে । উক্ত ইজাহাৰৰ ভিত্তিত তামাৰহাট থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধিনত  ১২০(B) ৩৪১/৩৬৫ নং গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক আটক কৰাৰ বাবে অভিযান চলায় । উক্ত অভিযানৰ সময় ছোৱাত তামাৰহাট আৰক্ষীয়ে অপহৰণ কাণ্ডৰ লগত জড়িত সাহেৰ আলী, মকতাদিৰ ইছলাম, আজিজুৰ ৰহমাণ আৰু আশ্ৰাফুল ইছলামক আটক কৰে যদিও আৰক্ষীয়ে মূল অভিযুক্ত আব্দুল মান্নানক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু অপহৃতা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু পিছদিনা ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰাত ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তামাৰহাট থানাত উপস্থিত হৈ আটকাধিন আজিজৰ ৰাহমানক সোধা পোচ কৰাত মূল অভিযুক্ত আব্দুল মান্নান শ্বেখে ছোৱালী জনীক লৈ অৰুণাচল প্ৰদেশত আত্মগোপন কৰি থকা বুলি নিশ্চিত হোৱাত তামাৰহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰুল হোছেইনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যোৱাকালি অভিযান চলাই অৰুণাচল প্ৰদেশৰ নামনি শোৱনশিৰি জিলাৰ জিৰো থানাৰ অন্তৰ্গত হুজিগেট গাঁওৰ এটা ঘৰৰ ভিতৰত লুকাই থকা অৱস্থাত মূল অপৰাধী আব্দুল মান্নান শ্বেখক আটক কৰাৰ লগতে অপহৃতা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আজি তামাৰহট থানাৰ আৰক্ষীয়ে উদ্ধাৰকৃত ছাত্ৰী গৰাকীক ধুবুৰী আদালতৰ দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ বিপৰীতে অপহৰণ কাণ্ডৰ লগত জড়িত আব্দুল মান্নান শ্বেখ, আজিজুৰ ৰহমান, মকতাদিৰ ইছলাম, সাহেৰ আলী শ্বেখ আৰু আশ্ৰাফুল ইছলামক ধুবুৰীৰ জেল-হাজোতলৈ প্ৰেৰণ কৰে । ইফালে উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰু অপৰাধীক ফাঁচী দিয়াৰ দাবীত উত্তপ্তহৈ পৰে তামাৰহাটৰ পৰিস্থিতি । অপহৰণৰ মূল অভিযুক্ত ব্যক্তি আব্দুল মান্নানক থানালৈ লৈ অহাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক সকলে পূৱাৰ ভাগতে থানাৰ সন্মুখত আহি সমবেত হয় । সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছন, বজৰং দল আৰু স্থানীয় বিভিন্ন দল সংগঠনৰ কৰ্মী সকলে থানাৰ সন্মুখত সমবেত হৈ আমাক ন্যায্য বিচাৰ লাগিবই, অপহৰণ কাৰীক ফাঁচী দিয়ক, ছোৱালী অপহৰণ বন্ধ কৰক, আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ উদণ্ড যুৱকে উদ্ভণ্ডালি আৰম্ভ কৰে । উদণ্ড যুৱকৰ দলটোৱে ধুবুৰী-কচুগাও গড়কপ্তনী পথ অৱৰোধ কৰি যান-বাহন চলাচলত বাধা প্ৰদান কৰাৰ লগতে অভিযুক্ত সকলক জেল-হাজতলৈ প্ৰেৰণাৰ ক্ষেত্ৰত আৰক্ষীৰ গাড়ীত আক্ৰমণৰ বাবে উদ্ভণ্ডালি কৰে যদিও সক্ষম নহয় । ইপিনে একাংশ উদণ্ড যুৱকৰ এই উদ্ভণ্ডালিৰ বাবে কিছু সময়লৈকে তামাৰহাট থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে যদিও পিছত পৰিস্থিনি নিয়ন্ত্ৰত আহে । 

No comments