গণবাৰ্তা , ছয়গাঁও, ২৭ জানুৱাৰী : পলাশবাৰী বিধান সভা সমষ্টিৰ ১নং জীয়াকুৰত স্থাপন কৰা এটা ইটাভাটাই স্থানীয় ৰাইজক বিমোৰত পেলাইছে। ইটাভাটা...
গণবাৰ্তা, ছয়গাঁও, ২৭ জানুৱাৰী : পলাশবাৰী বিধান সভা সমষ্টিৰ ১নং জীয়াকুৰত স্থাপন কৰা এটা ইটাভাটাই স্থানীয় ৰাইজক বিমোৰত পেলাইছে। ইটাভাটাৰ পৰা ওলোৱা ধোঁৱা আৰু দুৰ্গন্ধৰ ফলত স্থানীয় লোকসকল স্বাস্থ্যজনিত সমস্যাত ভূগিছে। ইটাভাটাটোৰ গৰাকী সাপৰটাৰী গাঁঁও পঞ্চায়তৰ এক নম্বৰ জীয়াকুৰ গাঁৱৰ গাঁঁওবুঢ়া পৱন কলিতা। চলিত বৰ্ষৰ ১১ জানুৱাৰীত সাপৰটাৰী গাঁও পঞ্চায়তক সামান্য ব্যৱসায়িক কৰ দিছে ইটাভাটাৰ গৰাকী গাঁওবুঢ়া পৱন কলিতাই আৰু সেইটোকেই চৰকাৰৰ পৰা লাইচেঞ্চ পোৱা বুলিও প্ৰচাৰ কৰিছে। প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগৰ কোনো অনুমতি অবিহনেই নিজ গাঁৱৰ জনবসতিপূৰ্ণ এলেকাতেই স্থাপন কৰিছে এইটো ইটাভাতা। গাঁওবুঢ়া পৱন কলিতাই সাংবাদিকৰ আগত নিজ মুখেৰেই স্বীকাৰ কৰিলে প্ৰদুষন নিয়ন্ত্ৰণ বৰ্ডোৰ কোনো অনুমতি নোহোৱাৰ কথা। এতিয়া অহৰহ ওলাই থকা ইটাভাতাৰ কলা ধোৱাই ছানি ধৰিছে চৌদিশ। ওচৰৰ লোকসকলৰ বাবে দুৰ্বিসহ হৈ পৰিছে জীৱন। স্থানীয় লোকে বাৰাম্বাৰ বাধা দিয়াৰ পিছতো নামানে গাওবুঢ়াই। স্থানীয় লোকে কামৰূপৰ উপায়ুক্ত, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়াকো অভিযোগ দিছে যদিও প্ৰশাসনে বৰ্তমানলৈকে কোনো কাৰ্যব্যৱস্থা লোৱা নাই। সেয়ে এতিয়া অসহায় হৈ হাহাকাৰ কৰিছে অঞ্চলবাসীয়ে।
No comments