গণ বাৰ্তা বিশেষ,গোলাঘাট,২২ জানুৱাৰী : গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰুদ্ধে। আগন্তুক নিৰ্...
গণ বাৰ্তা বিশেষ,গোলাঘাট,২২ জানুৱাৰী : গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰুদ্ধে। আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবে। এই মিত্ৰতাৰ ফলত মৌলবাদী ভোটৰ লাভ কৰিব কংগ্ৰেছে। সেইবাবে কংগ্ৰেছে আজমলক সম্প্ৰদায়িক মন্তব্য ৰাখিবলৈ জনাইছে। এই মিত্ৰতাৰ ফলত বিজেপি তিনিশ গুণ নিশ্চিত হ'ল আগন্তুক নিৰ্বাচনত জয়ী হোৱাটো । গোলাঘাটত নৱৰূপত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠান। শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, বিধায়ক মৃনাল শইকীয়া, ভবেন ভৰালী আৰু প্ৰাক্তন বিধায়িকা অজন্তা নেওগ। নৱৰূপত স্বয়ম আঁচনি হ'ল স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা। উক্ত আঁচনিৰ জৰিয়তে স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনৈতিক সৱলীকৰণৰ লক্ষ্যৰে নৱৰূপত স্বয়ম আঁচনিৰ অধীনত আবেদন পত্ৰ মঞ্জুৰ কৰা সকলক এই অনুষ্ঠানত অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে নৱৰূপত স্বয়ম আঁচনিত ৪১১৯ গৰাকী হিতাধিকাৰীক আজিয়েই ৩০ হাজাৰ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমোৱাই দিয়া হ'ব উক্ত ধন ৰাশিয়ে দুই লাখ যুৱকৰ মাজত উদ্যোগীকৰণৰ চিন্তা চৰ্চা কৰাত সহায় কৰিব। আনফালে মন্ত্ৰী গৰাকীয়ে আঁচনিৰ জৰিয়তে লাভ কৰা ধনৰ দ্বাৰা বাইক মোবাইল ন'লবলৈও আহ্বান জনাই যুৱক যুৱতী সকলক l
No comments