Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৩ মাৰ্চৰ পৰা যোৰহাট গ্ৰন্থ মেলা: প্ৰস্তুতি তুংগত জিলা সাহিত্য সভাৰ

গণবাৰ্তা বিশেষ, যোৰহাট ২৫ জানুৱাৰী: কভিড ১৯ মহামাৰীয়ে ৰাজ্যখনৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিবেশ নিস্প্ৰভ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অসমৰ সাংস্কৃতি...


গণবাৰ্তা বিশেষ, যোৰহাট ২৫ জানুৱাৰী: কভিড ১৯ মহামাৰীয়ে ৰাজ্যখনৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিবেশ নিস্প্ৰভ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত যোৰহাট জিলা  সাহিত্য সভাই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সহযোগত অহা ৩ মাৰ্চৰ পৰা ১০ মাৰ্চলৈকে বিস্তৃত কাৰ্য্যসুচীৰে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ আয়োজন কৰিছে| সভাৰ পটীয়াগাওঁত অনুস্থিত নৱম বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিত্তিত ‌আয়োজন কৰিবলৈ লোৱা সাহিত্য উৎসৱ আৰু গ্ৰন্থ মেলাত জিলা খনৰ প্ৰতিখন শাখা সাহিত্য সভা, গ্ৰন্থ প্ৰকাশক, বিদ্যালয় মহাবিদ্যালয়, সামাজিক সাংস্কৃতিক অনুস্থানক সামৰি লোৱা হ'ব| প্ৰধানকৈ অসমীয়া সাহিত্য পাঠক সৃষ্টিৰ লক্ষ্য আগত ৰাখি গ্ৰহণ কৰা কাৰ্য্য সুচী সমূহত গ্ৰামাঞ্চলৰ পাঠক সকলক উলিয়াই অনাৰ লগতে নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব| তদুপৰি জিলা খনৰ বিভিন্ন লেখক লেখিকা সকলে প্ৰকাশ কৰা  গ্ৰন্থ সমূহ প্ৰদৰ্শন আৰু বিপননৰ বিশেষ ব্যৱস্থা কৰা হ'ব বুলি জানিব দিছে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাতুল চন্দ্ৰ বৰা আৰু সম্পাদক মাধৱ মহন্তই| এই উদ্দেশ্যে এখন শক্তিশালী আয়োজক সমিতি গঠনৰ উদ্দেশ্যে অহা ৩০ জানুৱাৰী বিয়লি ১ বজাত এখন সাধাৰণ সভা আহ্বান কৰি সকলোৰে উপস্থিতি কামনা কৰিছে জিলা সাহিত্য সভাই|

No comments