Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰভোগত ৰঞ্জিত দাসে নিশ্চিত পৰাজয়ৰ শংকাত ভুগিছেঃ মনোৰঞ্জন তালুকদাৰ

  গণবাৰ্তা, য'তিগাওঁ ২২ জানুৱাৰীঃ কেন্দ্ৰৰ চৰকাৰে গ্ৰহণ কৰা নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা ঐতিহাসিক কৃষক বিদ্ৰোহৰ সমৰ্থনত বৰ...

 


গণবাৰ্তা, য'তিগাওঁ ২২ জানুৱাৰীঃ কেন্দ্ৰৰ চৰকাৰে গ্ৰহণ কৰা নতুন কৃষি আইন বাতিলৰ দাবীত দিল্লীত চলি থকা ঐতিহাসিক কৃষক বিদ্ৰোহৰ সমৰ্থনত বৰপেটা জিলাৰ সৰভোগত আজি এক বিশাল কৃষক সমাবেশ অনুষ্ঠিত হয়। সমাবেশত সভাপতিত্ব কৰে অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি ফজলুৰ ৰহমান আৰু উদ্দেশ্য ব্যাখ্যা কৰে কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুৰ ৰহমানে। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ ভাতৃ সংগঠন নিখিল ভাৰত কৃষক সভাৰ আয়োজিত এই বিশাল কৃষক সমাবেশত চি পি আই (এম) প্ৰবীণ নেতা তথা সৰভোগ সমষ্টিৰ ৪ বাৰৰ প্ৰাক্তন বিধায়ক হেমেম দাস, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কৃষক সম্পাদক টিকেন দাস, কৃষক নেতা মনোৰঞ্জন তালুকদাৰ, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক কৃষক সভাৰ সহঃ সম্পাদক গজেন বৰ্মণে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন, দেশৰ ৰাজহুৱা সম্পত্তি বিক্ৰী, মিথ্যা প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়িক বক্তব্য আৰু কাৰ্যকলাপেৰে দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত লগোৱাৰ অপচেষ্টাৰ বিৰুদ্ধে বিৰুদ্ধে ভাষন প্ৰদান কৰে। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ২১ বিধানসভা নিৰ্বাচনত সৰভোগৰ  মহাজোটৰ সাম্ভাব্য প্ৰাৰ্থী  চি পি এম নেতা মনোৰঞ্জন তালুকদাৰে কয় যে ,বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ- ইউ ডি এফ, চি পি এম, চি পি আইৰ আৰু গণমৰ্চাৰ মহাজোট বন্ধনে শংকিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক। যাৰ ফলত বৰপেটালৈ গ'লে বাংলাদেশ , পাকিস্তান হেন লাগে বুলি পূৰ্বে মন্তব্য কৰা ৰঞ্জিত দাসে এতিয়া সংখ্যালঘু সকলৰ আশীষ আদায়ৰ ভাবে বৃহৎ ধন খৰচ কৰি সংখ্যালঘু সন্মিলন, সভা-সমিতি আদি কৰি আহিছে যদিও সংখ্যলঘুৰ দোই এজন দালালৰ বাদে ৰাইজে সাম্প্ৰদায়িক, প্ৰবঞ্ছক বিজেপিক বিশ্বাস নকৰে বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় তালুকদাৰে। আজিৰ সমাবেশত কে'বা সহস্ৰাধিক ৰাইজৰ উপস্থিতিয়ে ৰঞ্জিত দাসৰ ভেটিত কম্পন সৃষ্টি কৰাই নহয় বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসলৈ যে, এক প্ৰকাৰ অশনি সংকেত কঢ়িয়াই আনিছে তাকলৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। ইপিনে আজিৰ সভাত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী হুছেইনৰ উপস্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে। সভাত নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিকৰ সদস্য চান মামুদ আহমেদৰ লগতে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

No comments