Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভোগালী বিহু উপলক্ষে মাৰ্ঘেৰিটাত কয়লা ছিণ্ডিকেট চক্ৰৰ বিশেষ এণ্ট্ৰি; নিশা ২ বজাৰ পিছত ৰাজপথত কয়লা ভৰ্তী ডাম্পাৰৰ দৌৰাত্ম৷

গণ বাৰ্তা, মাৰ্ঘেৰিটা, ৭জানুৱাৰীঃ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে যিমানেই শূণ্য সহনশীল নীতি...


গণ বাৰ্তা, মাৰ্ঘেৰিটা, ৭জানুৱাৰীঃ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে যিমানেই শূণ্য সহনশীল নীতি গ্ৰহন নকৰক কিয় চোৰাং কয়লাৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত যেন চূড়ান্তৰূপে ব্যৰ্থ হৈছে সোনোৱাল চৰকাৰ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ চোৰাং কয়লা ব্যৱসায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এখন তদন্ত আয়োগ গঠন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কাৰোৱেই যেন ভ্ৰুক্ষেপ নাই এই তদন্তলৈ৷ কিয়নো মুখ্যমন্ত্ৰীৰ এই তদন্ত আয়োগলৈ বুঢ়া আঙুলি দেখোৱাই বৰ্তমানো মাৰ্ঘেৰিটাত অব্যাহত আছে  কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ৷ প্ৰতি নিশা মাৰ্ঘেৰিটাৰ নামডাং আৰু আৰান্ধাৰাৰ পৰা ডাম্পাৰে ডাম্পাৰে সৰবৰাহ হৈছে চোৰাং কয়লা৷ মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰত্যক্ষ সহযোগিতাত ৰাজনৈতিক আশীৰ্ষপুষ্ঠ কেইজনমান কয়লা চুৰে সম্প্ৰতি নিশা এইদৰে অবৈধ কয়লা সৰবৰাহত জপিয়াই পৰাৰ তথ্য পোৱা গৈছে৷ এই ক্ষেত্ৰত মাৰ্ঘেৰিটাৰ জনৈক জাকিৰ নামৰ কয়লা চুৰজনেে নেতৃত্ব প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে, মাৰ্ঘেৰিটাৰ নামডাং, আৰান্ধাৰাত উক্ত কয়লা চুৰ চক্ৰটোৱে বৰ্তমানেও কয়লাৰ অবৈধ খনন অব্যাহত ৰাখিছে৷ প্ৰতি নিশা ডাম্পাৰযোগে চোৰাং কয়লাসমূহ মাৰ্ঘেৰিটাৰ লগতে জিলাখনৰ বিভিন্ন ইটাভাটালৈ সৰবৰাহ কৰা হৈছে৷ কল ইণ্ডিয়াৰ খনন আৰু যোগান সম্পূৰ্ণৰূপে বন্ধ থকাৰ সময়তে ইটাভাটাসমূহত ইটা পুৰিবলৈ কৰ পৰা কয়লা লাভ কৰিছে, সেয়া ৰাইজৰ বুজিবলৈ বাকী নাই৷ ইটাভাটাৰ চিমনিৰে ওলোৱা ধোৱাই অঞ্চলটোত চলি থকা চোৰাং কয়লা বেহাকে প্ৰতিয়মান কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতি নিশা ১১ বজাৰ পিছত কয়লা সংগ্ৰহ কৰিবৰ বাবে এখনৰ পিছত সিখনকৈ ডাম্পাৰ মাৰ্ঘেৰিটাৰ খাৰচাং তিনিআলিৰ পৰা নামডাং, আৰান্ধাৰাৰ দিশে গতি কৰে৷ নিশা ২ বজাৰ পৰা পুৱতি নিশা ৫ বজালৈকে চোৰাং কয়লা পৰিবাহী এই ডাম্পাৰসমূহে বিভিন্ন ইটাভাটালৈ চোৰাং কয়লা সৰবৰাহ কৰে৷ এক সূত্ৰই দাবী কৰা অনুসৰি আগন্তুক ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি কয়লাৰ ছিণ্ডিকেট চক্ৰটোৱে যোৱা কিছুদিনৰ পৰা তীব্ৰত্বৰ কৰি তুলিছে চোৰাং কয়লাৰ সৰবৰাহ৷ মংগলবাৰে নিশা পঞ্চাশৰো অধিক ডাম্পাৰে কয়লা সৰবৰাহ কৰাৰ বিপৰীতে যোৱা নিশাও সাংবাদিক আৰু এটা ছাত্ৰ সংগঠনে চলোৱা অনুসন্ধানত নিশা ২:৩০ বজাত মাৰ্ঘেৰিটাৰ চাংলাং পথেদি কেইবাখনো ডাম্পাৰ ওলাই যোৱা প্ৰত্যক্ষ কৰে৷ নিশা ১১: ৩০ বজাত প্ৰথমে চাংলাং তিনিআলিত উপস্থিত হয়হি আৰক্ষীৰ এখন বলেৰ গাড়ী৷ ইয়াৰ পিছতে এখন চিলভাৰ ৰঙৰ নম্বৰপ্লেট বিহীন মহেন্দ্ৰা এক্স ইউ ভি গাড়ী উক্ত স্থানত ৰয়হি৷ আৰক্ষী বিষয়াজনৰ সতে এক্স ইউ ভি গাড়ীখনত অহা চালকজনে কিছুসময় কথোপকথন কৰি আতৰি যোৱাৰ পিছতে তিনিআলিত এখনৰ পিছত সিখনকৈ আহি উপস্থিত হয়হি দুখনকৈ মাৰুতি জেন, দুখন মাৰুতি কাৰ, এখন ৱেগনাৰ, এখন চুইফট, এখন বেলেনোকে ধৰি সৰু বৰ প্ৰায় ১৫ খনকৈ ব্যক্তিগত বাহন৷ প্ৰতিখন বাহনত অহা ব্যক্তিকেইজনে আৰক্ষী বিষয়াগৰাকীক সাক্ষাৎ কৰি তিনিআলিৰ পৰা  আতৰি যায় যদিও অঞ্চলটোৰ আশে পাশে ৰহস্যজনক ভাবে চাল চলন কৰি থাকে৷ নিশা প্ৰায় ১ বজাত আৰক্ষীৰ গাড়ীখন তিনিআলিৰ পৰা অন্তৰ্ধান হয়৷ ইয়াৰ পিছতে নিশা ২ বজাৰ পৰা চাংলাং পথেদি সৰবৰাহ হল কয়লা ভৰ্টি কেইবাখনো ডাম্পাৰ৷ নিশা এইদৰে ব্যক্তিগত বিলাসী বাহনৰে আৰক্ষীক সাক্ষাৎ কৰা এইসকল ব্যক্তি কোন, আৰক্ষীৰ সতে তেওলোকৰ সম্বন্ধ কি সেই কথা ৰাইজৰ আৰু বুজিবলৈ বাকী নাই৷ শীতৰ প্ৰকোপত মাৰ্ঘেৰিটাবাসী ৰাইজে মূৰে কপালে লেপ কম্বল লৈ গভীৰ টুপনিত লালকাল হৈ পৰাৰ সময়তে এইদৰে ডাম্পাৰে ডাম্পাৰে সৰবৰাহ হৈছে চোৰাং কয়লা৷ এতিয়া প্ৰশ্ন হয়, নিশাৰ মাৰ্ঘেৰিটাত চলা এনেবোৰ অবৈধ কাৰ্যকলাপ ৰোধিব কোনে? ৰক্ষকেই যেতিয়া ভক্ষক হয় তেনেহলে জনসাধাৰনে আস্থাত লব কাক?


No comments