Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিকৰাই চাহ বাগিচাৰ পৰিচালক সীমান্ত বৰদলৈক সম্বৰ্দ্ধনা

গণ বাৰ্তা,ইটাখোলা ২৮ জানুৱাৰীঃ বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত মেকলিন-মেগৰৰ দিকৰাই চাহ বাগিচাত ২০১৬ চনৰ নৱেম্বৰ মাহত পৰিচালক হিচাপে যোগদান কৰি স...


গণ বাৰ্তা,ইটাখোলা ২৮ জানুৱাৰীঃ বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত মেকলিন-মেগৰৰ দিকৰাই চাহ বাগিচাত ২০১৬ চনৰ নৱেম্বৰ মাহত পৰিচালক হিচাপে যোগদান কৰি সীমান্ত বৰদলৈয়ে সুদীৰ্ঘ চাৰিটা বছৰ কাল বাগিচাখনৰ উন্নয়নৰ লগতে পিছপৰা অঞ্চলটোৰ সামসজিক ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়ায়। বাগিচাখনত বৰদলৈয়ে যোগদান কৰাৰ পিছত সেই সময়ত বাগিচাখনৰ অৱস্থা সূচনীয় আছিল। বাগিচাখনত পৰিচালক গৰাকী নিপুন আৰু কৰ্মদক্ষ সহ-পৰিচালক কুলদীপ বৰাৰ সহযোগত বাগিচাখন সু-পৰিচালনাৰে পুনৰ পূৰ্ব্বৰ অৱস্থালৈ ঘুৰাই আনিবলৈ সক্ষম হয়। এই দুইগৰাকী পৰিচালক আৰু সহঃপৰিচালকৰ প্ৰচেষ্টাত কোম্পানীটোৱে ২০১৯ বৰ্ষৰ পৰাই উৎপাদিত উন্নত মানৰ চাহ পাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি অধিক দৰত নিলাম কৰিবলৈ সক্ষম হয়। কোম্পানীটোৰ উৰ্ধতন কৰ্তৃপক্ষই দুয়োগৰাকী পৰিচালকৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ বাগিচাখনৰ সহঃপৰিচালক কুলদীপ বৰাক কোম্পানীটোৰ বিহালীস্থিত চাহ বাগিচাৰ পৰিচালক হিচাপে পদোন্নতি কৰি বদলি কৰে যদিও পুনৰ তেওঁক দিকৰাই চাহ বাগিচাৰ পৰিচালক হিচাপে দ্বায়িত্বভাৰ অৰ্পণ কৰে আৰু বৰ্তমানৰ মূখ্য পৰিচালক সীমান্ত বৰদলৈক কোম্পানীটোৰ উপদেষ্টা হিচাপে পদোন্নতি কৰি বিশ্বনাথ জিলাখনৰ অন্তৰ্গত আটাইকেইটা চাহ বাগিচাৰ মূখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে। দিকৰাই চাহ বাগিচাত পৰিচালক বৰদলৈয়ে তেখেতৰ কাৰ্যকালত বাগিচাখনৰ প্ৰশাসনিক দিশত  তৎপৰতাৰে দ্বায়িত্ব পালন কৰাৰ লগতে বাগিচাঞ্চলৰ ছাত্ৰ-ছত্ৰীৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত কোম্পানীটোৰ সহযোগত দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে কিতাপ-পত্ৰ প্ৰদান কৰাৰ উপৰিও আৰ্থিক ভাবে সহায় কৰি আহিছে । ইয়াৰ উপৰি পৰিচালক গৰাকীয়ে দিকৰাই অঞ্চলৰ এক মাত্ৰ উচ্চ শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত কোম্পানীটোৰ জৰিয়তে আৰ্থিক পুজি আগবঢ়োৱাৰ লগতে সাম্প্ৰতিক কভি'ড-১৯ ৰ মহামাৰী কালত অঞ্চলটোৰ শিক্ষানুষ্ঠানসমুহত নিজাববীয়াকৈ সহায়ৰ হাত আগঢ়াই। পৰিচালক গৰাকী পদোন্নতি হৈ স্থান্তৰ হবলৈ ওলোৱা পৰিচালক গৰাকীক দিকৰাই চাহ বাগিচাৰ শ্ৰমিক বিনোদন ভৱন প্ৰাংগণত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত স্থানীয় চাহ শ্ৰমিক ৰাইজে গামোচা,শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰে। বিদায় সম্বৰ্দ্ধনা সভাত উপস্থিত বাগিচাখনৰ কৰ্মচাৰীসকলে পৰিচালক বৰদলৈৰ চাৰি বছৰীয়া কাৰ্যকালৰ স্মৃতি ৰোমন্থন কৰে। এক গাম্ভীৰ্যপূৰ্ণ সভাত চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষীকান্ত বৰাই সভাৰ সভাপতি আসন অলংকৃত কৰি ভাষন প্ৰসংগত পৰিচালক গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে বাগিচাখনত পৰিচালক গৰাকীৰ কৰ্মৰাজিৰ স্মৃতি ৰোমন্থন কৰে। একেদৰে পৰিচালক গৰাকীৰ বিদায় সম্বৰ্দ্ধনা সভাত বিশেষ ভাবে উপস্থিত থাকি নদুৱাৰ শাখা আটছাৰ সভাপতি আনন্দ তচাই অসমৰ বৃহৎৰ চাহ উদ্যোগৰ চাহ বাগিচাসমুহত নিয়োজিত পৰিচালক সকলৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ বুলি কোৱাৰ লগতে সদ্য বিদায়ী পৰিচালক গৰাকীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে। সভাত বাগিচাখনৰ পৰিচালক কশ্যলৱ বৰা,ৰিকি থামৰ লগতে বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিনোদ তচা নদুৱাৰ শাখা আটছাৰ সহকাৰী সম্পাদক ৰাধেশ্যাম তাঁ‌তি আৰু যতীন তচাসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments