গণবাৰ্তা বিশেষ,মুকালমুৱা: ২৫ জানুৱাৰী, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীতো আজিৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ...
গণবাৰ্তা বিশেষ,মুকালমুৱা: ২৫ জানুৱাৰী, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীতো আজিৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধা সম্পন্ন ছাত্ৰীলৈ চৰকাৰে আগবঢ়োৱা স্কুতি বিতৰণ কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অন্তৰ্গত ড° বাণীকান্ত কাকতি মেধা বঁটা বৰক্ষেত্ৰী সমষ্টিৰ 237 গৰাকী কৃতি ছাত্ৰীয়ে লাভ কৰিছে।আজি বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত জনতা হাইস্কুল প্ৰাংগনত পাঁচ গৰাকী কৃতি ছাত্ৰীক এই বঁটা প্ৰদান কৰি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক নাৰায়ণ ডেকাই।অনুষ্ঠানটোত নলবাৰী জিলা শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা,দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধি প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে। এই উদ্দেশ্যে অনুষ্ঠিত আজিৰ সভাত উক্ত আঁচনিৰ জড়িয়তে ছাত্রী সকলে শিক্ষাৰ প্ৰতি অধিক উৎসাহিত হ'ব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক নাৰায়ণ ডেকাই।
No comments