Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জামুগুৰিৰ টুপীয়াত গোৰ্খা একতা সমাৰোহ জাতীয় শ্বহীদক শ্ৰদ্ধাঞ্জলি

গণ বাৰ্তা,ইটাখোলা, ২৫জানুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াত অখিল ভাৰতীয় গোৰ্খা লোকসকলৰ উদ্যোগত গোৰ্খা মহানায়ক বাবু ডম্বৰ সিং গুৰুং আৰ...


গণ বাৰ্তা,ইটাখোলা, ২৫জানুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াত অখিল ভাৰতীয় গোৰ্খা লোকসকলৰ উদ্যোগত গোৰ্খা মহানায়ক বাবু ডম্বৰ সিং গুৰুং আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে গোৰ্খা একতা সমাৰোহ উদযাপন কৰে । তদুউপলক্ষে পুৱা ৯ বজাত গোৰ্খাসকলৰ প্ৰতীক সম্বলিত  পতাকা উত্তোলন কৰে অসম ৰাজ্যিক গোৰ্খা লীগৰ সভাপতি লোক নাৰায়ণ চুব্বাই। তাৰ পিছতে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অৰ্পন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। মুল সভাৰ বন্তি প্ৰজ্জ্বলন কৰে গোৰ্খা অসম ৰাজ্যিক গোৰ্খা লীগৰ উপ-সভাপতি মনিকান্ত চুব্বা আৰু কৰ্ণ বিমলীয়ে। নাৰায়ণ চুব্বাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সুদুৰ দিল্লীৰ সৰ্ব্বভাৰতীয় পৰ্যায়ত গোৰ্খাসকলৰ কৰ্মকৰ্তা বন্দনা ৰায়ে ভাষন প্ৰসংগত গোৰ্খা তথা নেপালী জাতিটোৰ পৰম্পৰাগত উৎসৱ ভাই টিকাক বিশ্ব দৰবাৰত পৰিচয় কৰোৱাৰ লগতে নিজৰ ভাষা সংস্কৃতিক উচিত সন্মান দিব পাৰিলেহে নিজৰ জাতিৰ অস্তিত্ব জীয়াই থাকিব বুলি কয়। এই ক্ষেত্ৰত বৰ্তমানৰ উঠি অহা নৱপ্ৰজন্মই সৰ্বাধিক গুৰুত্ব প্ৰদানৰ পোষকতা কৰে। লগতে নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ্থে যিকোনো সংকট বা সমস্যা আহিলে আমি সকলোৱে একত্ৰিত হৈ যুজ দিয়া উচিত বুলিও বক্তাগৰাকীয়ে মত প্ৰকাশ কৰে । ইয়াৰ উপৰিও এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সাম্প্ৰতিক সময়োপযোগি বক্তব্য আগবঢ়াই।

No comments