Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসত উদুলি মুদুলি পৰিবেশ; সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে যোৰহাট বাসীৰ মন

  গণবাৰ্তা বিশেষ, যোৰহাট:  সংস্কৃতিয়ে এখন সমাজ গঢ় দিয়ে| কিন্তু ৰাজনীতিকে সদায় এখন সমাজ ভাঙি আহিছে|" -- যোৰহাটৰ শংকৰদেৱ চেমিনাৰী খলপথাৰত...


 গণবাৰ্তা বিশেষ, যোৰহাট:  সংস্কৃতিয়ে এখন সমাজ গঢ় দিয়ে| কিন্তু ৰাজনীতিকে সদায় এখন সমাজ ভাঙি আহিছে|" -- যোৰহাটৰ শংকৰদেৱ চেমিনাৰী খলপথাৰত অনুস্থিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসত এনেদৰে কয় নেছ'ৰ উপদেষ্টা সমূজ্জল ভট্টাচাৰ্য্যই| সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে  সমাজ এখন একতাৰ দোলেৰে বান্ধি ৰাখি সুস্থিৰ ভাৱে আগবাঢ়ি যোৱাত সংস্কৃতিয়ে সদায় প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে|ইয়াৰ বিপৰীতে  ধৰ্মৰ নামত জাত পাতৰ নামত  ৰাজনীতি কৰি  এখন সমাজ ভাঙি সমাজৰ বিভিন্ন স্তৰত দণ্ড কাজিয়া সৃষ্টি কৰি আহিছে| তেওঁ লগতে কয় যে জ্যোতি প্ৰসাদ আগৰৱালাৰ চিন্তা চেতনা আমি হৃদয়ত স্থাপন কৰিব লাগিব| আমি আগৰৱালা দেৱৰ কৰ্মৰাজি জীয়াই ৰাখিব লাগিব| ইয়াৰ মাজতো হৃদয়ত প্ৰচণ্ড ক্ষোভ আছে বুলি মন্তব্য কৰি কয় অসমৰ প্ৰথম ছবি নিৰ্মাতা তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ত চতুৰ্থ হোৱাৰ পিছতো আজি পৰ্য্যন্ত জ্যোতি প্ৰসাদক ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি প্ৰদান কৰা নহ'ল| যেতিয়া দাদা চাহেব বটা প্ৰদান কৰিব পাৰে তেন্তে জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভা ভূপেন হাজৰিকাৰ নামত কিয় ৰাষ্ট্ৰীয় বটা প্ৰবৰ্তন কৰিব নোৱাৰে| কেৱল ইমানেই নহয় জ্যোতি প্ৰসাদৰ সৃষ্টি ৰাজিৰ গৱেষনা সঠিক পথত হ'ব লাগে| তেখেতৰ চিন্তা চেতনাৰ লগতে অতি সীমিত সা সুবিধাৰে কিদৰে বোলছবি নিৰ্মান কৰিব পাৰিছিল সেয়াও গৱেষনাৰ অন্যতম বিষয় হব লাগে| সকলো প্ৰকাৰে এক পৰিকল্পিত গৱেষনাৰ লগতে ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ত জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ নামত একোখনকৈ আসন সংৰক্ষন কৰিব লাগে বুলি মন্তব্য কৰি নেছ'ৰ উপদেষ্টা জনে কয় যে এই ক্ষেত্ৰত চৰকাৰৰ কৰনীয় যথেষ্ট আছে| চৰকাৰৰ যদি সচাই সদিচ্ছা আছে তেনিতে বিশ্ববিদ্যালয়ত আসন প্ৰদানৰ বাবে সকলো খৰছ বহন কৰিব লাগে| ইয়াৰোপৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি সংৰক্ষনৰ ব্যৱস্থা কৰিব লাগে| এই সৃষ্টিৰাজি অসমীয়াৰ স্বাভিমান বুলি মন্তব্য কৰি কয় যে জ্যোতিপ্ৰসাদে লিখা স্থান, চিন্তাৰ থলী সকলো বোৰ সংৰক্ষিত হব লাগে| এইস্থান সমুহৰ লগতে আটাইকেইজনৰ নামত একোটাকৈ প্ৰেক্ষাগৃহ স্থাপন হ'ব লাগে যত সৃষ্টিৰাজি সংৰক্ষিত হ'ব আৰু উঠি অহা প্ৰজন্মই জাতি মাটিৰ লগত সংপৃক্ত থকা গীত  সমূহৰ বিষয়ে গৱেষনা কৰিব পাৰে | ইফলে বৰপেটাত ভোগালী উৎসৱৰ নামত হোৱা উদ্ভণ্ডালি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে বৰপেটাৰ  প্ৰতি শ্ৰদ্ধা আছে আৰু একাংশ উদণ্ড ব্যক্তিৰ কৰ্মকাণ্ডই জাতীয়  পৰম্পৰাক আচোৰ আনিব নোৱাৰে| আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰাজনীতিবিদে ধৰ্মীয় মেৰুকৰন কৰি সমাজত বিভেদ আনিবৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰি কয় এতিয়া অসমীয়াই সিদ্ধান্ত লোৱাৰ সময়| কৃষ্ণ সংস্কৃতিৰ আধাৰত সমাজ ব্যৱস্থাক বান্ধি ৰখা অতি প্ৰয়োজন বুলি কয়| আজি পুৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ নাথে | শিল্পী দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়| শোভাযাত্ৰা উদ্বোধন কৰি ৰাজ্যৰ এজন বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই কয় যে জ্যোতি প্ৰসাদ আগৰৱালাৰ সৃষ্টি কৰ্মক কেৱল এটা দিনত নহয় প্ৰতিটো দিনতে স্মৰণ কৰা আৰু তেওঁৰ আদৰ্শৰ সৰোগত কৰি  আগবাঢ়ি যোৱাটো আমাৰ প্ৰতিজনৰে দ্বায়িত্ব হোৱা উচিত বুলি কয়| উল্লেখযোগ্য যে গায়ন বায়নেৰে আগবাঢ়ি যোৱা শোভাযাত্ৰাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দিশ উপস্থাপন কৰা লগতে ভাওনা সংস্কৃতি, শ্ৰীকৃষ্ণৰ ৰাসলীলা, বিহু সংস্কৃতি আদি উপস্থাপন কৰা পৰিলক্ষিত হয়| শংকৰদেৱ চেমিনাৰী খেলপথাৰৰ পৰা ওলোৱা সাংস্কৃতিক শোভাযাত্ৰা এ টি ৰোডেৰে আগবাঢ়ি গড়আলি হৈ কেবি ৰোড, বৰপাত্ৰ আলিৰে আহি পুনৰ শংকৰদেৱ চেমিনাৰী খেলপথাৰত অন্ত পৰে| শোভাযাত্ৰাত জিলা খনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ কেইবাসহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে| ইয়াৰ পূৰ্বে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি উন্মোচন আৰু মাল্যাৰ্পন কৰি নে'ছৰ উপদেষ্টা ডঃ সমূজ্জল ভট্টাচাৰ্য্যই জ্যোতি প্ৰসাদ আগৰৱালাৰ সৃষ্টি ৰাজি উঠি অহা প্ৰজন্মৰ মাজলৈ নি সৃষ্টি ৰাজিৰ লগত সংযুক্ত হৈ থকা বিভিন্ন দৃষ্টি ভংগীৰ ওপৰত বিষদ গৱেষনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে| আনহাতে বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ সভাপতিত্বত অনুস্থিত মুকলি সভা উদ্বোধন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল চন্দ্ৰ বৰাই|মুকলি সভাত উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ভীম কান্ত বৰুৱাই কয় যে, জ্যোতিপ্ৰসাদ আগৰৱালা ক আমি বিভিন্ন উপাধিৰে সম্বোধন কৰোঁ যদিও আচল মানুহ জন বুজিবলৈ আজিও সক্ষম হোৱা নাই। মাত্ৰ ৪৮ বছৰত এজন মানুহে  কি কৰা নাছিল। তদুপৰি এই সময়ছোৱাৰ অধিক সময় তেওঁ ৰুগ্ন অৱস্থাতে কটাইছিল। ৰূপকোঁৱৰ গৰাকীয়ে আমাক নাটক, কবিতা, গীত দিছে। এটা জাতি গঠন কৰিবৰ বাবে যিমান প্ৰয়োজন প্ৰায় সকলো খিনিয়েই তেওঁ আমাক দি থৈ গৈছে। তেওঁ আমাৰ সাংস্কৃতিক জীৱনৰ গতিৰ ভেটি গঢ়িছিল। তেওঁৰ আছিল এক বিপ্লৱী সত্তা। যি সত্তাক তেওঁৰ নাটক গীত ত দেখা পোৱা যায়। ৰূপকোঁৱৰ গৰাকীৰ চেতনাত আছিল নতুনত্ব। ৰূপকোঁৱৰ গৰাকীয়ে যিখন সপোনৰ অসম গঢ়ি তোলাৰ সপোন দেখিছিল, সেইখন অসম ৰক্ষা কৰাৰ দায়িত্ব নতুন প্ৰজন্মৰ। ভাষাত আওজি সাহিত্যৰ সংস্কৃতিৰ সৃষ্টি হয়। সংস্কৃতিৰ জৰিয়তে শিল্পী সকল আহিব। আৰু শেষত এটা অৰ্থনৈতিক বুনিয়াদ সৃষ্টি হব। আমাৰ সন্মুখত বৰ্তমান ভাষা আৰু সংস্কৃতিৰ ৰক্ষা কৰাৰ এক ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে যি প্ৰত্যাহ্বান কিন্তু ৰূপকোঁৱৰ গৰাকীৰ দিনত অহা নাছিল। সেইবাবে এই প্ৰত্যাহ্বান সোনোহ নেওচি আমি আমাৰ ভাষা সংস্কৃতিক আগুৱাই নিব লাগিব। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল মানুহৰ শিল্পী। তেওঁ মানুহৰ মাজত থাকি সমাজ, সংস্কৃতিৰ উন্নয়ন ৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ আছিল এগৰাকী মহান শিল্পী যি জাতিটোক চহকী কৰি থৈ গৈছে সংস্কৃতিৰ জৰিয়তে। সদৌ অসম ছাত্ৰ সন্থাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ লগতে যি সকল মহান শিল্পী আছে, যি জাতিটোক চহকী কৰি থৈ গৈছে তেওঁলোকৰ সৃষ্টি ৰাজ্যিক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱা। যুগদ্ৰষ্টা শিল্পী গৰাকীৰ কৰ্মৰাজিক আমি আগুৱাই নিব লাগিব। ৰূপকোঁৱৰ গৰাকীয়ে অসমীয়া জাতিক আগুৱাই নিবৰ বাবে কাম কৰিছিল। তেওঁ নিজৰ চিন্তা ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰাৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিক বিশ্বৰ দৰবাৰত স্থান দিবৰ বাবে চেষ্টা কৰিছিল। তেওঁ সদায় প্ৰথমে নিজৰ গাঁও ক প্ৰতিনিধিত্ব কৰিছিল । তাৰ পাছত ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ সদায় সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছিল। সংস্কৃতিৰ জৰিয়তে তেওঁ দুস্কৃতিক নাশ কৰাৰ চেষ্টা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল দুস্কৃতি নাশ হলেহে সমাজ আগুৱাই যাব। সংস্কৃতি নাশ হলে আমাৰ সমাজ  ধ্বংস হব বুলি তেওঁ ধাৰণা কৰিছিল আৰু তেওঁ সেইবাবেই সকলোকে সংস্কৃতি বান হবলৈ আহ্বান জনাইছিল। ৰূপকোঁৱৰ গৰাকীয়ে ধাৰণা কৰিছিল যে শিল্পী সকল সদায় জনতাৰ লগত থাকিব লাগিব। ৰূপকোঁৱৰ গৰাকীয়ে কৈছিল যে সংস্কৃতিক বিনোদন হিচাপে ললে নহব। সংস্কৃতিক সদায় বিপ্লৱ আৰু সংগ্ৰামৰ মাধ্যম হিচাপে লব লাগিব। তেতিয়া হে সমাজ পৰিৱৰ্তন সম্ভৱ। সদৌ অসম ছাত্ৰ সন্থাই সদায় ৰূপকোঁৱৰ গৰাকীৰ সৃষ্টি ৰাজিৰ সংৰক্ষণৰ চেষ্টা কৰি আহিছে কিন্তু বহু ক্ষেত্ৰত ৰজা ঘৰে কব বিচাৰে যে আছু য়ে কোনো কাম কৰা নাই। কিন্তু আমি কম যে ৰূপকোঁৱৰ গৰাকীৰ কৰ্মৰাজিক সংৰক্ষণ কৰাৰ বাবে চৰকাৰী ভাবে কোনো পদক্ষেপ লোৱা নাই। যিগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ই অসমীয়া কৃষ্টি, ভাষাক চহকী কৰিলে সেইগৰাকী শিল্পীকে যথাস্থানত বহুৱাবলৈ সময় হোৱা নাই চৰকাৰী পক্ষৰ। চৰকাৰী পক্ষৰ অৱহেলা ৰ বাবে এক পৰিত্যক্ত ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে ৰূপকোঁৱৰ গিৰাকীয়ে বাসগৃহ। তেনে সময়তো যদি চৰকাৰৰ সময় নাই তেন্তে কৈ দিয়ক। ৰাইজ আৰু ছাত্ৰ সন্থা একেলগ হৈ এই ক্ষেত্ৰত কাম কৰিব। মুকলি সভাত শিল্পী দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰি উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ সৌৰভ বৰুৱাই কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এগৰাকী বিপ্লৱী শিল্পী। তেওঁৰ জীৱন দৰ্শন আছিল বিপ্লৱৰ দৰ্শন। তেওঁ আছিল এগৰাকী জীৱন্ত সুন্দৰ কবি। তেওঁ সেইসময়ৰ সমাজখন নিজ চকুৰে সন্মুখত দেখিছিল আৰু সেই সমাজ পৰিৱৰ্তন কৰি সকলোকে কৃষ্টি সংস্কৃতিৰ জড়িয়তে এক গোট কৰাৰ বাবে চেষ্টা কৰিছিল।

Attachments area

No comments