Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোৰ বৰছলি ছোৱালী এম ই মাদ্ৰাছাৰ অৱসৰী প্ৰধান শিক্ষক আব্দুল কাদেৰক বিদায় সম্বৰ্ধনা

  গণ বাৰ্তা,হাজো,১ জানুৱাৰী: হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰছলি ছোৱালী এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান  শিক্ষক আব্দুল ক...


 গণ বাৰ্তা,হাজো,১ জানুৱাৰী: হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰছলি ছোৱালী এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান  শিক্ষক আব্দুল কাদেৰক আজি বিদ্যালয় কৰ্তৃপক্ষ লগতে বৰছলি অঞ্চলৰ বিভিন্ন দল সংগঠনে বিদায় সম্বৰ্ধনা জনায়।উল্লেখ্য যে,হাজোৰ বৰছলিত নাৰী  শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ডা: জয়নাল আবেদিনক সভাপতি আৰু আব্দুল কাদেৰক প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে লৈ১৯৮৬ চনৰ ১জানুৱাৰীত বৰছলি এম ই মাদ্ৰাছাখন স্থাপন কৰা হৈছিল।দীৰ্ঘদিন ভেন্সাৰ পৰ্যায়ত থকাৰ পাছত বিগত ১ জানুৱাৰী ২০১৩ চনত উক্ত বিদ্যালয়খন প্ৰাদেশীকৰণ  হয় আৰু বিদ্যালয়খনত আঠ বছৰ কাল চৰকাৰী চাকৰি কৰি  প্ৰধান শিক্ষক কাদেৰে আজি অৱসৰ গ্ৰহণ কৰে।সুদীৰ্ঘ ৩৫ বছৰ কাল শিক্ষকতা কৰি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যি অগ্ৰনী ভুমিকা গ্ৰহন কৰিছিল সেই কথা ৰাইজে নতশিৰে স্বীকাৰ কৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।অৱসৰপ্ৰাপ্ত শিক্ষক চাহাদত আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায়ী সভাখনত বিভিন্ন কাৰ্যসূচীৰ আঁত ধৰে বিজ্ঞান শিক্ষক আব্দুল বাৰেকে। হাজো খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবীণ কুমাৰ শৰ্মা, সমল কেন্দ্ৰৰ সমন্বয়ক হৰেকৃষ্ণ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক মতিউৰ ৰহমান, বৰছলি হাটখোলা হাইস্কুলৰ প্ৰধান শিক্ষক চানমহম্মদ আলী, শিক্ষক ছামচুল হক, বৰছলি সাহিত্য সভাৰ সম্পাদক মেছেৰ আলী, অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতি সাধাৰণ সম্পাদক আতাউৰ ৰহমান তথা বৰছলিৰ শিক্ষানুৰাগী ব্যাক্তি সকল উপস্থিত থাকে আৰু প্ৰত্যেক গৰাকীয়ে ভাষণ প্ৰসংগত বৃহত্তৰ অঞ্চলটোত  শৈক্ষিক ক্ষেত্ৰত অৱসৰী শিক্ষক গৰাকীয়ে আগবঢ়োৱা অৱদানৰ শলাগ লয়।  এই সভাতে আবেগ বিহ্বল হৈ পৰা ন -পুৰণি ছাত্ৰ ছাত্ৰী তথা বিভিন্ন দল সংগঠনে বিদায়ী শিক্ষক আব্দুল কাদেৰক ফুলাম গামোচা, ফুলাম জাপি,শৰাই,মান পত্ৰ,কিতাপৰ টোপোলা,ছাতি, ধৰ্মীয় ৰুমাল আদিৰে বিপুল ভাবে সম্বৰ্ধনা জনাই।সভাৰ অন্তত শিক্ষক শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী তথা ৰাইজে সমদল উলিয়ায় শিক্ষক গৰাকীক স-সন্মানে  নিজ গৃহলৈ আগবঢ়ায় লৈ যায়।

No comments