ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ১৭ জানুৱাৰী : ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱাৰ কাৰ্যালয় তথা আবাসৰ সা-সুবিধাযুক্ত এক নতুন চৌহদৰ আজি যোৰহাটৰ নেফা গেটত আ...
ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ১৭ জানুৱাৰী : ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱাৰ কাৰ্যালয় তথা আবাসৰ সা-সুবিধাযুক্ত এক নতুন চৌহদৰ আজি যোৰহাটৰ নেফা গেটত আধাৰ শিলা স্থাপন কৰে ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱাৰ কনট্ৰলাৰ জেনেৰেল সঞ্জীৱ মিত্তালে। এই উপলক্ষে নগৰৰ উপকণ্ঠ নেফা গেটত এক গাম্ভীৰ্য পূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱাৰ গুৱাহাটী স্থিত শাখাৰ নিয়ন্ত্ৰক ৰমেন্দ্ৰ বিশ্বাস, শ্বিলং ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ সমন্বিত বিত্তীয় উপদেষ্টা স্বৰ্ণাশ্ৰী ৰাও ৰাজশেষৰ, বিশিষ্ট সেৱা পদক প্ৰাপ্ত ৪১ চাব এৰিয়াৰ মেজৰ জেনেৰেল এয়াৰ কমোদৰ পি এছ ৰাণা, এ অ চি ১০ উইং এয়াৰ ফিল্ডৰ এয়াৰ কমোদৰ এম. কে. ঝা, যোৰহাটৰ এ অ চি ৫ এয়াৰ ফিল্ডৰ এয়াৰ কমোদৰ সঞ্জয় ভাৰ্গৱ আৰু বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল। প্ৰকল্পটি অহা বিত্তীয় বৰ্ষৰ শেষলৈ সম্পূৰ্ণ হৈ উঠিববুলি আশা কৰা হৈছে। প্রকল্পটি সম্পূৰ্ণ হৈ উঠিলে প্ৰতিৰক্ষা লেখা সেৱাৰ বিষয়া কৰ্মচাৰী সকলৰ যথেষ্ট পৰিমাণে উপকৃত হব। চাব এৰিয়াৰ নডেল বিষয়া ডি. কে. গগৈয়ে এই কথা জনাইছে।
No comments