Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এ বি পি নিউজে বিজেপিৰ এজেন্ট হৈ কাম কৰিছেঃ বদৰুদ্দিন আজমল

  গণবাৰ্তা, য'তিগাওঁ ১৯ জানুৱাৰী: বাঘবৰৰ সত্ৰকনৰাত ইউ ডি এফৰ বিশাল কৰ্মীসভা অনুষ্ঠিত হয়। সভাত সভাপতিত্বত কৰে বাঘবৰ সমষ্টি কমিটিৰ সভাপতি ...

 


গণবাৰ্তা, য'তিগাওঁ ১৯ জানুৱাৰী: বাঘবৰৰ সত্ৰকনৰাত ইউ ডি এফৰ বিশাল কৰ্মীসভা অনুষ্ঠিত হয়। সভাত সভাপতিত্বত কৰে বাঘবৰ সমষ্টি কমিটিৰ সভাপতি আলতাব হুছেইনে। উদ্দেশ্য ব্যাখ্যা কৰে নেৱাস্বৰিফে। সভাত মুখ্য অতিথি হিচাপে ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত থাকি নাম নোলোৱাকৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, ডক্টৰ চাহাবে ভাত খাওঁতে ৩ বাৰ, গা ধোৱাৰ সময়ত ৬ বাৰ, ঘৰৰ পৰা ওলাওঁতে ৫ বাৰ, বাহিৰত ঘূৰিবলৈ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ নাম ন'ললে ৰাতি টোপনি নধৰে হিমন্ত বিশ্ব শৰ্মাৰ। এই দৰে বাঘবৰ ইউ ডি এফৰ সমষ্টি কমিটিৰ উদ্যোগত সমষ্টি ভিত্তিক বিশাল কৰ্মীসভাত ২০২১ চনৰ নিৰ্বাচনী ৰণডংঙা বজালে বদৰুদ্দিন আজমলে। সত্ৰকনৰা-চাচৰা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই কৰ্মীসভা । বদৰুদ্দিন আজমলৰ উপৰিও ধিংৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক চম্পক কলিতা, জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ, বাঘবৰ সমষ্টিৰ সমাজ কৰ্মী তথা ন ইউ ডি এফৰ নেতা ৰাজীৱ আহমেদৰ লগতে দলটোৰ বহু নেতা কৰ্মী উপস্থিত থাকি ভাষন প্ৰদান কৰে।এ বি পি নিউজে বিজেপিৰ এজেন্ট হৈ কাম কৰিছে। এ বি পি নিউজে প্ৰকাশ কৰা এক্জিট প'ল সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, এবিপি নিউজ হৈছে বেজেপিৰ নিউজ আৰু বিজেপিৰ এজেন্ট হিচাপে কাম কৰিছে। এ বি পিয়ে বিজেপিৰ কথা মতে এক্জিট প'ল প্ৰকাশ কৰিছে আৰু এইবোৰ সকলো মিছা বুলিও কয় বদৰুদ্দিন আজমলে।


No comments