Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংসদ আব্দুল খালেক - বিধায়ক শকুৰ আলীৰ একেদিনাই পাঁচটাকৈ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন

  গণবাৰ্তা, নগৰবেৰা ২০ :  সমাগত বিধান সভা নিৰ্বাচন ৷ইয়াক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল সমুহ ৷ইয়াৰ মাজতে আজি বৰপেটাৰ সাংসদ আব্দুল খালেক ...

 


গণবাৰ্তা, নগৰবেৰা ২০ :  সমাগত বিধান সভা নিৰ্বাচন ৷ইয়াক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল সমুহ ৷ইয়াৰ মাজতে আজি বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদৰ উপস্থিতিত একে দিনাই  পাঁচ টাকৈ উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰে ৷জানিব পৰা মতে সমষ্টিখনৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২০২০ - ২১ বৰ্ষৰ এছ ও পি ডি আঁচনিৰ অধীনত ৮০ লাখ টকা ব্যয় সাপেক্ষে কাৰাইখাইতি বজাৰৰ পৰা নিৰলা লৈ যোৱা ৰাস্তাত , ৩ কোটি ২০ লাখ টকাৰ  বিপৰীতে  কাৰাইখাইতি বজাৰৰ পৰা জনপ্ৰিয় বজাৰ হৈ পাঠীমাৰী লৈ যোৱা ৰাস্তা পকীকৰণ, ৮০ লাখ টকা ব্যয় সাপেক্ষে কাছুমাৰা বজাৰৰ পৰা আদুৰি পাৰা পাৰঘাট লৈ যোৱা ৰাস্তা পকীকৰণ, পাঠীমাৰীৰ পৰা খামখেয়ালী বজাৰ লৈ যোৱা পকী ৰাস্তা নিৰ্মাণৰ বাবে ১ কোটি ২৫ লাখ টকাৰ লগতে খামখেয়ালী জনপ্ৰিয় বজাৰত এম এল এ এল এ ডি ২০১৯ ২০ বৰ্ষৰ আচনিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে  ৷ ইয়াৰ পিছত গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা ছামছুল হকে আতধৰা এক চমু সভাত সাংসদ আব্দুল খালেকে কয় যে এই ৰাস্তা পকীকৰণ হলে বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হব আৰু ৰাস্তা পকীকৰণৰ ক্ষেত্ৰত ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা কামনা কৰে। ইপিনে আলোপতি মাজৰ চৰ বজাৰৰ পৰা নগৰবেৰা লৈ যোৱা পথৰ জলজলী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে ব্যাপক প্ৰচেষ্টা চলোৱা হৈছে বুলি সভাত ৰাজহুৱা ভাৱে ঘোষণা কৰে সাংসদ গৰাকীয়ে৷সভাত স্হানীয় বিধায়ক শুকুৰ আলী আহমেদে ৰাস্তা নিৰ্মাণ কাৰ্যত ৰাইজৰ পূৰ্ণ সহযোগ কৰাৰ লগতে আগন্ততক নিৰ্বাচনত কংগ্ৰেছৰ সপক্ষে ভোট দান কৰিবলৈ অনুৰোধ জনায়৷ সাংসদ আৰু বিধায়ক গৰাকীয়ে কৰা আধাৰশিলা স্থাপনৰ সময়ত বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ,কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ ফইজল হক, আমিনুল ইছলাম,  গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা জাকিৰ হুছেইন, আঞ্চলিক পঞ্চায়তৰ সদস্য নবীৰ হুছেইনে আদি কৰি  কেবাজন স্হানীয় গন্যমান্য ব্যক্তিয়ে উপস্থিত থাকে ৷


No comments