গণবাৰ্তা,হাউলী,৩০ জানুৱাৰীঃ সাহিত্যানুৰাগী, ছাত্ৰ-ছাত্ৰী তথা নৱ-প্ৰজন্মৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থত আৰু তেও...
গণবাৰ্তা,হাউলী,৩০ জানুৱাৰীঃ সাহিত্যানুৰাগী, ছাত্ৰ-ছাত্ৰী তথা নৱ-প্ৰজন্মৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থত আৰু তেওঁলোকৰ মাজত গ্ৰন্থ সংস্কৃতি গঢ়ি তোলাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীত অংশগ্ৰহনৰ মানসিকতা গঢ় দিয়াৰ লক্ষ্যৰে বৰপেটা জিলাৰ হাউলীৰ কদমগুৰীত ডি,কে, ইয়ং ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলা শুক্ৰবাৰৰ পৰা সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে | কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৭ বজাত স্বচ্ছ অভিযান, ৮ বজাত পতাকা উত্তোলন, ৯ বজাত বৃক্ষ ৰোপণ, ৰাতিপুৱা ১০ বজাত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় | সন্ধিয়া ৭ বজাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মঞ্চৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজ সেৱক তাজ উদ্দিন মণ্ডলে | ইয়াৰ পিছত মঞ্চৰ দ্বাৰ উন্মোচনী সভা অনুষ্ঠিত হয় | নজৰুল ইছলাম খানৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাত সমাজ কৰ্মী আলহাজ বাবৰ আলী,মন্দিয়া আঞ্চলিক কলেজৰ প্ৰৱক্তা ড০ জামানুৰ ৰহমান, দাৱালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিজামুদ্দিন মল্লিক, অসম চৰ পৰিষদৰ উপ সভাপতি নুৰুল ইছলাম অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায় |
No comments