ছয়গাওঁ, ২৪ জানুৱাৰী : দক্ষিণ কামৰূপৰ ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৰভিঠা আঞ্চলিক হাইস্কুলত ২৪ জানুৱাৰী দেওবাৰে দিনযোৰা কাৰ্যসূচী...
ছয়গাওঁ, ২৪ জানুৱাৰী : দক্ষিণ কামৰূপৰ ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৰভিঠা আঞ্চলিক হাইস্কুলত ২৪ জানুৱাৰী দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে "ৰাষ্ট্ৰীয় বালিকা শিশু দিৱস " উদযাপন কৰে ৷ উল্লেখ্য যে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কে বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ "বালিকা সুৰক্ষা মঞ্চ” গঠন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই মৰ্মে বিদ্যালয় খনৰ প্ৰধান শিক্ষক মঃ আব্দুল হামিদৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় খনৰ জেষ্ঠ্য শিক্ষক ত্ৰিৰংগ শৰ্মাই ৷ সভাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি অঞ্চলটোৰ জেষ্ঠ্য সমাজকৰ্মী ৰহমান আলীয়ে সমাজৰ পাৰিপাৰ্শ্বিক কাম কাজত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ তথা কন্যা শিশুৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে সমল ব্যক্তিগৰাকীয়ে আলোকপাত কৰে ৷ বিদ্যালয় খনৰ দুগৰাকী ছাত্ৰী ৰাবিয়া বেগম আৰু ৰুণালাইলা বেগমে দুটি গীত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বালিকা শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰী সকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিদ্যালয়খনৰ শিক্ষক নয়নমণি বৰা আৰু চিন্ময় কলিতাই ৷ এই সভাতে কুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰে।
No comments