Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১০ জানুৱাৰীত কঠোৰ সতৰ্কতাৰ মাজত হাইস্কুল টেট; উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

  আজিজুল হক, ভেল্লা , ৫ জানুৱাৰীঃ অহা ১০ জানুৱাৰীত ৰাজ্যজুৰি অনুষ্ঠিত হবলগীয়া হাইস্কুল টেট পৰীক্ষাত বৰপেটা জিলাৰ চাৰিওটা কেন্দ্ৰত মুঠ ২০৪৪ ...

 


আজিজুল হক, ভেল্লা , ৫ জানুৱাৰীঃ অহা ১০ জানুৱাৰীত ৰাজ্যজুৰি অনুষ্ঠিত হবলগীয়া হাইস্কুল টেট পৰীক্ষাত বৰপেটা জিলাৰ চাৰিওটা কেন্দ্ৰত মুঠ ২০৪৪ জন প্ৰাৰ্থী অৱতীৰ্ণ হব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়ত ৪৩৬ জন, হাউলীৰ বিএইছ মহাবিদ্যালয়ত ৬৩০ জন, সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ৬০০ জন আৰু ভৱানীপুৰ মহাবিদ্যালয়ত ৪২২ জন প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হব। এই পৰীক্ষা সম্পূৰ্ণ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ স্বাৰ্থত আজি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰা নীতি সমূহ বিস্তাৰিতভাবে আলোচনা কৰা হয়। প্ৰাৰ্থী সকলে যাতে মোবাইল ফোন লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে প্ৰৱেশ দ্বাৰত কঠোৰ তালাচী চলোৱাৰ ওপৰত উপায়ুক্তই গুৰুত্ব আৰোপ কৰে। গোটেই প্ৰক্ৰিয়াটো শৃংখলাবদ্ধ,স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে। এই উদ্দ্যেশ্যে তিনিজন চক্ৰ বিষয়াকো নিৰীক্ষক বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সভাত বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত সান্তনা বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ উপৰি শিক্ষা বিভাগৰ বিষয়া সকল আৰু পৰীক্ষা কেন্দ্ৰ সমূহৰ অধ্যক্ষ সকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা ১০ জানুৱাৰীৰ দিনা হাইস্কুল শিক্ষক বাছনি পৰীক্ষা নিৰ্ধাৰিত কেন্দ্ৰ সমূহত পুৱা ৯ বজাৰ পৰা দুয়োবেলা অনুষ্ঠিত হব।


No comments