গণ বাৰ্তা, জয়সাগৰ, ৮ জানুৱাৰীঃ শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক হাতীখোঁক গাওঁৰ খেলপথাৰত হাতীখোঁক ক্ৰীড়া সন্থাৰ উদ্যোগত এখনি দিবা টেনিচ বল ক্ৰিকে...
গণ বাৰ্তা, জয়সাগৰ, ৮ জানুৱাৰীঃ শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক হাতীখোঁক গাওঁৰ খেলপথাৰত হাতীখোঁক ক্ৰীড়া সন্থাৰ উদ্যোগত এখনি দিবা টেনিচ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অহা ১৩ জানুৱাৰীৰ পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হব লগা ক্ৰিকেট প্ৰতিযোগিতাখনিৰ সামৰণি পৰিব ১৬ জানুৱাৰী তাৰিখে। উদ্যোক্তাসকলে ভৰ্তি মাছুল হিচাপে একহাজাৰকৈ ধাৰ্য কৰা প্ৰতিযোগিতাখনিত সৰ্বমুঠ প্ৰইজমণি হিচাপে ৩৯,৯৯৯ টকা দিয়াৰ কথা জানিবলৈ দিছে। ইয়াৰোপৰি প্ৰতিখন খেলতেই মেন অফ দা মেচ্ দিয়াৰ বিপৰীতে মেন অফ দা চিৰিজ হিচাপেও একোটা আকৰ্ষণী উপহাৰ দিয়াৰ কথাও জনায়। ইফালে সভাপতি ৰাজ আলি শইকীয়া আৰু যুটীয়া সম্পাদক আছিফ আলি আৰু আছাদুৰ শইকীয়া। সকলো ইচ্ছুক দলকে অধিক তথ্যৰ বাবে তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ৭০০২০৬৮১৫০ আৰু ৯৭০৬৪২১১৪৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
No comments