Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিদিনীয়া কাৰ্যসূচীৰে খুংগ্ৰীঙত চিৰাং জিলা এবছুৰ বাৰ্ষিক অধিবেশন সম্পন্ন; মিত্ৰতা সম্পৰ্কে আলোচনা হোৱা নাই - প্ৰমোদ বড়ো

  সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ জানুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চিৰাং জিলা এবছুৰ ১৬ সংখ্যক বাৰ্ষিক অধিবেশনৰ...

 


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ জানুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চিৰাং জিলা এবছুৰ ১৬ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে । জিলাখনৰ ৰুণীখাটাৰ নিকটৱৰ্তী খু্ংগ্ৰীঙত অনুষ্ঠিত অধিবেশনৰ আজি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। সভাত ভাষণ প্ৰদানৰ পিছত সাংবাদিকৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় - বিগত ত্ৰিছ বছৰে বি টি আৰ অঞ্চলত এক অশান্তি জৰ্জৰ পৰিৱেশ আছিল । বি টি আৰ চুক্তিৰ পিছত সম্প্ৰতি ইয়াত এক শান্তিৰ পৰিৱেশ গঢ়ি উঠিছে । আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰতা সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বড়োৱে লগতে কয়, এই সম্পৰ্কে দলৰ মজিয়াত বৰ্তমানেও আলোচনা হোৱা নাই । কোন দলে কেনে স্থিতি লৈছে সেই সম্পৰ্কে আমি অজ্ঞাত। আনহাতে ২০০৩ চনত বি টি চুক্তি আৰু ২০২০ চনৰ বি টি আৰ চুক্তি এন ডি এই চৰকাৰৰ দিনতহে হৈছে বুলি তেওঁ কৌশলী মন্তব্য কৰে । সেয়ে যি দলে অঞ্চলটোৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি আহিব সেই প্ৰতি নিশ্চয় সহমৰ্মিতা থাকিব । চিৰাং জিলা এবছুৰ সভাপতি খনীন বসুমতাৰীৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে এবছুৱে জন্ম লগ্নৰে পৰা বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতলৈও কাম কৰি যাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।


No comments