Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙৰ উলুবাৰীত শিল্পী দিৱস পালন

  সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৭জানুৱাৰী: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭০ সংখ্যক মৃত্যুবাৰ্ষিকীৰ শিল্পী দিৱস ৰূপে বাসুগাঁৱৰ সমীপৰ উলুবাৰী...


 সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৭জানুৱাৰী: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭০ সংখ্যক মৃত্যুবাৰ্ষিকীৰ শিল্পী দিৱস ৰূপে বাসুগাঁৱৰ সমীপৰ উলুবাৰীত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হয়। চিৰাং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা শিল্পী দিৱসৰ কাৰ্যসূচী মতে সাহিত্য সভাৰ জিলা কমিটিৰ সভাপতি গৌৰী শঙ্কৰ বৰ্মনে সাহিত্য সভাৰ পতাকা উত্তোলন কৰি সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহ সদস্য অমৃত নাৰায়ণ পাটগিৰি আৰু দেৱান হাজি মুস্তাফাই । শিল্পী গৰাকীৰ প্ৰতিছবিত মালা অৰ্পণ কৰে হাজি খা দেমূল ইছলামে। জিলা সভাপতি গৌৰী শংকৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত অমৃত পাটগিৰী,দেৱান গাজী মুস্তাফা ,প্ৰমোদ চন্দ্ৰ শৰ্মাআৰু দীপ নাৰায়ণ ৰায়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুমুখী অৱদানৰ ওপৰত আলোকপাত কৰে। কণ্ঠশিল্পী তপন বৈশ্যৰ পৰিচালনাত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে উদ্ধোধনী গীত পৰিবেশন কৰে । সভাত উপেন ৰায় আৰু হাজি খাদেমূল ইছলামৰ স্বৰচিত কবিতা পাঠ কৰে।তপন বৈশ্য, প্ৰবীণ কুমাৰ ৰায় আৰু শিক্ষাৰ্থী সকলে জ্যোতি প্ৰসাদ আগৰৱালা সংগীত পৰিবেশন কৰে।জিলা সভাৰ সম্পাদক উপেন ৰায়ে আঁত ধৰা অনুষ্ঠানত জিলা আৰু শাখা সভাৰবিষয়ববীয়া , শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়ত্ৰীয়ে অংশগ্ৰহণ কৰে।

No comments