Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈ মুক্তি পালেই অসমত চুনামী হ'বঃ নেকিবুৰ ৰহমান হাজৰিকা

  গণ বাৰ্তা,মৈৰাবাৰী, ৫ জানুৱাৰীঃ কাৰাবন্দী অখিল গগৈক মুক্তি কৰি দিবলৈ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ অলপো সাহস নাই | সৰ্বানন্দ সোনোৱাল আৰু হিমন্...

 


গণ বাৰ্তা,মৈৰাবাৰী, ৫ জানুৱাৰীঃ কাৰাবন্দী অখিল গগৈক মুক্তি কৰি দিবলৈ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ অলপো সাহস নাই | সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি দিয়ক | তেতিয়া চুনামী দেখা পাব | এই মন্তব্য  সক্ৰিয় সমাজকৰ্মী ৰাইজৰ দলৰ নেতা নেকিবুৰ ৰহমান হাজৰিকাৰ | ৮৩ নং ধিম বিধান সভাৰ ধিং মৌজাৰ অন্তৰ্গত মৈৰাধ্বজত 'ৰাইজৰ দল'ৰ আঞ্চলিক কমিটি গঠন অনুষ্ঠানত উপস্হিত থাকি হাজৰিকাই আৰু কয়- চৰকাৰে অখিল গগৈক মৰাণ অধিৱেশনৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি দিয়ক | তেতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ডিব্ৰুগড়ৰ মৰানত অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন বীৰ লাচিত বৰফুককন সমন্বয় ক্ষেত্রলৈ পথৰ দুয়োফালে যি মানৱ শৃংখলৰ সৃষ্ঠি হ'ব | তাতে উঠি যাব নাগপুৰীয়া আশীবাদপুষ্ট বি জে পি চৰকাৰ | মানৱ শৃংখলৰ প্ৰতি জন মানুহৰ হাতত থাকিব অসমীয়াৰ স্বাভিমানৰ গামোচাৰে অভিবাদন জনোৱা হ'ব অখিল গগৈক | তেওঁ কয়- জনতা জাগ্ৰত হৈছে | বিজেপিৰ ভ্ৰষ্টাচাৰে ৰাইজক বহু শিকালে | ৰাইজৰ দল এতিয়া ৰাইজৰ অন্তৰত আৰু অখিল গগৈ ৰাইজৰ হৃদয়ত | অলপো যদি সাহস আছে তেন্তে সৰ্বা-হিমন্তই অখিল গগৈক মুক্ত আকাশৰ তলত আহিবলৈ মুক্তি কৰি দেখুওৱাক | তেতিয়া ৰাজনৈতিক পাশাখেল বুজি যাবা | সভাত ৰাইজৰ দলৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক নীলমণি শইকীয়া , জিলা প্ৰতিনিধি অক্লান্ত সৈনিক উপাধিৰে খ্যাত নেকিবুৰ ৰহমান হাজৰিকা ,নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ইফতিকাৰ ৰহমান (ববী) আৰু ধিং সমষ্টিৰ সাধাৰণ সম্পাদক(প্ৰশাসনীয়) আবুল কালাম আজাদে ভাষণ ৰাখে | তাত উপস্হিত থাকে ৰাইজৰ দলৰ জিলা সম্পাদক ফাইজুৰ ৰহমান , সদস্যা মনোৱাৰা বেগম, সমষ্টি কমিটিৰ সহ:সম্পাদক মোবাৰক হুছেইন তথ্য আৰু প্ৰচাৰ সম্পাদক জিয়াৰুল ইছলাম, নগাঁও সদৰ কৃষক নেতা মুস্ফিকুৰ ৰহমান (ৰকী), কৃৃষ্ণ তালুকদাৰআৰু মানিক পাল | তিনিশতাধিক ৰাইজৰ উপস্হিতিত অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে  মৌওলানা হবিবুৰ ৰহমানে | সভাত সৰ্বসন্মতি ক্ৰমে শক্তিশালী ৩৩  এখনী কমিটি গঠন কৰা হয় | মৌওলানা হবিবুৰ ৰহমানক সভাপতি মৌওলানা ৰফিকুল ইছলামক কাৰ্যকৰী সভাপতি ,ফাৰুক আব্দুল্লা আৰু জামিল আহমেদক সম্পাাদক হিচাপে লৈ কমিটিখন গঠন কৰা হয় |

No comments