Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিআৰৰ প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ বিকাশত গুৰুত্ব দিয়া হ'ব—প্ৰমোদ বড়ো

দীপাংকৰ বৰুৱা,মুছলপুৰ,২৫ জানুৱাৰী:  বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ গাৱে-ভূঞে থকা জন...


দীপাংকৰ বৰুৱা,মুছলপুৰ,২৫ জানুৱাৰী: বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ গাৱে-ভূঞে থকা জনগোষ্ঠীয় সাংস্কৃতিক দল সমূহক উলিয়াই আনিবলৈ বিটিচি প্ৰশাসনে কাৰ্যপন্থা গ্ৰহণ কৰিব ৷ বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে আজি মুছলপুৰত অনুষ্ঠিত এক সাংস্কৃতিক কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ প্ৰমোদ বড়োৱে বিচিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিটিআৰ চুক্তিৰ ৰূপায়ন হ'ব ৷ উল্লেখ্য যে বিটিআৰ শান্তি চুক্তিৰ প্ৰথম বৰ্ষ পূৰ্তি উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ উপস্থিতিত সাংস্কৃতিক সমাৰোহত বিহু, বড়ো চিখলাৰ বাগৰুম্বা, চানতাল জনগোষ্ঠীৰ চানতালী নৃত্য, গোৰ্খা, ৰাভা, হাজং জনগোষ্ঠীৰ নৃত্য-গীতেৰে মুখৰিত হয় মুছলপুৰৰ দূৰ্গা মন্দিৰ চৌহদ ৷ ইয়াৰ পিচতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ফ্লেগ' অফ কৰি উদ্বোধন কৰা বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ এক শোভাযাত্ৰা মুছলপুৰ চহৰৰ মাজেৰে উলিওৱা হয় ৷

No comments