গণ বার্তা, আমগুৰি, ০৭ জানুৱাৰীঃ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈৰ জামিন পুনৰ নাকচ কৰাৰ খবৰ পোৱাৰ লগে লগে এবছৰে কাৰাবন্দী হ...
গণ বার্তা, আমগুৰি, ০৭ জানুৱাৰীঃ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈৰ জামিন পুনৰ নাকচ কৰাৰ খবৰ পোৱাৰ লগে লগে এবছৰে কাৰাবন্দী হৈ থকা পুত্ৰৰ মুক্তিৰ আশাৰে বাট চাই ৰোৱা বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ দুখত ভাগি পৰে।এবছৰ কাৰাবন্দী হৈ থকা পাছত আজি কৃষক নেতা গৰাকী কাৰাগাৰৰ চাৰি বেৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বুলি কৃষক মুক্তি তথা অখিল গগৈৰ অনুৰাগীসকলৰ লগতে বৃদ্ধা মাতৃয়েও পৰম আশাৰে বাট চাই আছিল। আজি পুৱাতেই মাতৃয়ে আশা কৰি আছিল পুত্ৰ ঘৰলৈ ঘূৰি আহিব।আজি পুৱা গুৱাহাটী উচ্চ ন্যায়লয়ে অখিল গগৈৰ জামিন নাকচৰ খবৰ পোৱা পাছতে বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ অধিক অসুস্থ হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে। সাংবদ মাধ্যমৰ আগত অখিল মাতৃয়ে কান্দি কান্দি তেওঁৰ দুখৰ অন্ত নাই বুলি কোৱাৰ লগতে তেওঁৰ পুত্ৰৰ দুখ কি , কি ভুল কৰিলে বুলি আৰ্তনাদ কৰি উঠে। লগতে অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় .. "সি চোৰ কৰিছিল নে ডকাইত কৰিছিল সি।তাক একেবাৰে মাৰি পেলাওক।তাৰ লৰা মানুহজনীৰ লগতে মোকো গুলীয়াই মাৰি পেলাওক।অখিলৰ পৰিয়ালটো গুলীয়াই শেষ কৰি দিয়ক। তেওঁলোকে সুখেৰে খাওক।সি কেতিয়াও মাওবাদী নহয়।তেওঁলোক হে মাওবাদী সজাইছে তাক।মোৰ গা আজি কঁপি উঠিছে"। উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে অখিল গগৈৰ বৃদ্ধা মাতৃয়ে নৰিয়া দেহাৰে চেলেংহাট লুসুৰাখন গাঁওৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আজি বিশেষ দিনটোত তেওঁৰ পুত্ৰ মুকলি আকাশৰ তললৈ অহাৰ কামনা কৰিছিল।
No comments