Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বদৰুদ্দিন আজমলে কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছেঃৰঞ্জিত দাস

 গণ বাৰ্তা বোকাজান, ২১ জানুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে অসমৰ সংখ্যালঘু সম্প্ৰদা...


 গণ বাৰ্তা বোকাজান, ২১ জানুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে অসমৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি কেতবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ প্ৰসংগই শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে বিৰোধী নেতাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি দলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত দাস। আজি বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজান খেলপথাৰত অনুষ্ঠিত হোৱা দলৰ পৃষ্ঠাপ্ৰমূখ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিগত সময়ছোৱাত বদৰুদ্দিন আজমলে কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে। এনে কেতবোৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবেই বিগত কংগ্ৰেছ চৰকাৰৰ শাসনত সাম্প্ৰদায়িক সংঘৰ্ষৰো সূচনা হোৱা বুলি মন্তব্য কৰি সম্প্ৰতি বিজেপিৰ শাসনত সবকে সাথ সবকা বিকাশ নীতিৰ আধাৰত অসমৰ সংখ্যলঘু সমাজে পূৰ্বৰ তুলনাত অধিক সুৰক্ষা লাভ কৰা বুলি মন্তব্য কৰে। লগতে বিজেপিৰ আমোলতহে অসমৰ সংখ্যালঘূ ৰাইজ সবাতোকৈ সুৰক্ষিত বুলিও দাবী কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। অসমৰ সংখ্যালঘূ সম্প্ৰদায়ে এই কথা বুজি উঠাৰ বাবেই শেহতীয়াকৈ বুজনসংখ্যক সংখ্যালঘূ লোকে বিজেপিত যোগদানৰ বাবে আগবাঢ়ি অহা প্ৰত্যক্ষ কৰিয়েই মগজুৰ বিকৃতি হোৱা বদৰুদ্দিন আজমলে এনে মন্তব্য কৰা বুলি মন্তব্য কৰে। আজমলৰ এনে মন্তব্যই অসমৰ ৰাইজক স্তম্ভিত কৰি তোলা বুলি মন্তব্য কৰি তেওঁৰ এনে মন্তব্যৰ পিছতে উজনিৰ আঠটাকৈ বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে পৰৱৰ্তী নিৰ্বাচনত বিজেপিক ভোটদান কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক অসমৰ জনতাই ঘৃণাৰ দৃষ্টিৰে চোৱা বুলিও মন্তব্য কৰে। আনহাতে নতুনকৈ ৰাজ্যখনত আত্মপ্ৰকাশ কৰা আঞ্চলিক দল দুটাৰ কোনো সাংগঠনিক ভিত্তি নোহোৱাৰ বাবে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰি সাগৰ পৃষ্ঠৰ ধৌৰ দৰে এই দলসমূহৰ অস্তিত্ব চমুতে নিশ্চিহ্ন হ'ব বুলি মন্তব্য কৰে। আনহাতে, পৃষ্ঠাপ্ৰমূখৰ সভাখনতো ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সমাগত নিৰ্বাচনত বিজেপি দলে শতাধিক আসনত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে। বিগত সময়ছোৱাত বিজেপি চৰকাৰে হাতত লোৱা বিভিন্ন জনকল্যাণমূলক কাম-কাজ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই সভাপতিগৰাকীয়ে বোকাজান বিধানসভা সমষ্টিটোত যোৱা সময়ছোৱাত ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি অহা নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে কমেও চল্লিশ হাজাৰ ভোটৰ ব্যৱধানত বিধানসভালৈ নিৰ্বাচিত বৈ অভিলেখ সৃষ্টি কৰিব বুলি মন্তব্য কৰে। কংগ্ৰেছ, এ আই ইউ ডি এফকো ভাষণ প্ৰসংগত কঠোৰ ভাষাৰে সমালোচনা কৰে সভাপতিগৰাকীয়ে। বোকাজানৰ বিধায়ক ডাঃ নোমল ম'মিনে ভাষণ প্ৰসংগত বিগত সময়ছোৱাত বোকাজান সমষ্টিত পূৰ্বে নোহোৱা উন্নয়ন সম্ভৱপৰ হোৱা বুলি দাবী কৰি বিগত সময়ছোৱাত সমষ্টিটোত ৰূপায়ন হোৱা গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। সভাখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। ইয়াৰ পূৰ্বে ডিলাইৰ পৰা শতাধিক দুচকীয়া বাহনেৰে দলীয় কৰ্মকৰ্তাসকলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক শোভাযাত্ৰা কৰি সভাস্থলীলৈ আদৰি নিয়ে। 


No comments