ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১০জানুৱাৰী,: ডা:নবীন বৰদলৈ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত "মহিলাৰ ঋতুকালীন সমস্যা আৰু লবলগা সাৱধানতা &q...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১০জানুৱাৰী,: ডা:নবীন বৰদলৈ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত "মহিলাৰ ঋতুকালীন সমস্যা আৰু লবলগা সাৱধানতা "ওপৰত এখনি স্বাস্থ্য সজাগতা সভা দেওবাৰে ঢেকিয়াজুলি উজনি কঁহাৰ গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়।তদুপলক্ষে মহিলা কোষৰ সভানেত্ৰী জোনালী দত্ত ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য বাখ্যা, আঁতধৰে উপসভা নেত্ৰী ৰশ্মিৰেখা বৰগোঁহাই য়ে।স্হানীয় চুঙী কঁহাৰ গাঁও আৰ্দশ চিকিৎসালয়ৰ সঞ্চালিকা ডা: নন্দিতা দেৱীয়ে উদ্বোধন কৰা সভাত স্ত্ৰীৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডা:তাৰিণী কুমাৰ নাথে মুখ্য সমল ব্যক্তি হিচাপে উপস্হিত থাকি মহিলা সকলৰ মাহেকীয়া সময়ত লবলগা সাৱধানতাৰ ওপৰত সকলো দিশ সামৰি বক্তব্য আগ বঢ়ায়।মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল বৰদলৈ, বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰাই বক্তব্য প্ৰদান কৰা সভাতেই বিশিষ্ট ব্যক্তি সকলক আদৰণি জনোৱাৰ লগতে উপস্হিত বহুসংখ্যক মহিলা আৰু ছাত্ৰীৰ প্ৰশ্নোত্তৰ শিতানৰ উত্তৰ প্ৰদান কৰে চিকিৎসক তাৰিণী নাথে।অনুষ্ঠানতেই মহিলা কোষৰ সম্পাদীকা ৰীতামনি বৰা,সহ সম্পাদীকা অলকা গগৈ,কোষাধক্ষা ৰূপলেখা দেবী,জ্যোৎস্না বৰাই মহিলা কোষৰহৈ উপস্হিত মহিলা সকলক এটিকৈ ষ্টেফি আগবঢ়াই।
No comments