Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইত ভেঞ্চাৰ স্কুলৰ শিক্ষকক ৩ লাখ ৪২ হাজাৰ ৭৫০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান আজমল ফাউণ্ডেচনৰ

 গণ বাৰ্তা,হোজাই ১৭ জানুৱাৰী: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে অসমত মাদ্ৰাছাবোৰ বন্ধ কৰিলে কিন্তু আজিলৈকে কোনো এখন মাদ্ৰাছাৰ শিক্ষক...


 গণ বাৰ্তা,হোজাই ১৭ জানুৱাৰী: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে অসমত মাদ্ৰাছাবোৰ বন্ধ কৰিলে কিন্তু আজিলৈকে কোনো এখন মাদ্ৰাছাৰ শিক্ষকে গনতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাৱস্ত কৰা পৰিলক্ষিত নহল, আমি অসম জমিয়তে এই সন্দৰ্ভত চুপ্ৰিম কৰ্টত গোচৰ ৰুজু কৰিম, আজি হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এখন সভাত ভাগলৈ সাংসদ বদৰুদ্দিন আজমলে এইদৰে মন্তব্য কৰে ৷ লগতে আজমলে কয়- বিগত দিনত যেতিয়া  কেন্দ্ৰত ইউ পি এ চৰকাৰ তথা প্ৰধানমন্ত্ৰী মনমোহন সিং হৈ থকাৰ সময়ৰ পৰা মই অসমৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ হৈ মাত মাতি আহিছো, আচৰিত কথা অসমৰ বাহিৰে ভাৰতৰ আন কোনো ৰাজ্যত ভেঞ্চাৰ স্কুল নাই ৷ তেতিয়া  ভেঞ্চাৰ বিদ্যালয়ৰ বিষয়ে সেই সময়ত মনমোহন সিঙৰ মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰীক মই আৰু অসমৰ পৰা যোৱা শিক্ষক প্ৰতিনিধি সকলে ভেঞ্চাৰ স্কুলৰ বিষয়ে বুজাই দিছিলো, তেতিয়া সেই চৰকাৰে এটা পেকেইজো দিছিল ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলক ৷ কিন্তু আজিলেকৈ বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ভেঞ্চাৰ বিদ্যালয়বোৰৰ শিক্ষকৰ কথা কোনো চিন্তা নকৰিলে বুলি মন্তব্য কৰে ৷ আজমল ফাউণ্ডেচনৰ দ্বাৰা হোজাইত আয়োজিত শৈক্ষিক সভাত এইদৰে মন্তব্য কৰে আজমল ফাউণ্ডেচনৰ CEO তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷আজমলে সভাত কয়- আজমল ফাউণ্ডেচনে যোৱা ৪ বছৰৰ পৰা ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক সকলক মাহিলি ৭৫০ টকাকৈ বছেৰকত এবাৰ মাননি দি আহিছে ৷আজিৰ সভাতো বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেচনৰ জৰিয়তে ভেঞ্চাৰ স্কুলত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা ২ গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক ২৫ হাজাৰ টকাকৈ ৫০ হাজাৰ টকাৰ এককালিন সাহাৰ্য আগবঢ়োৱাৰ লগতে হোজাই জিলাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত আজমলে 3,42,750 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ অহা বছৰ ৮৫০ টকাকৈ হোজাইৰ প্ৰতিখন ভেঞ্চাৰ স্কুলৰ শিক্ষকক দিয়াৰ কথা ঘোষণা কৰি আজমলে কয়- অহা বছৰৰ পৰা ভেঞ্চাৰ বিদ্যালয়ত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক সকলক আজমল ফাউণ্ডেচনে এককালিন ৫০ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়াব ৷আজিৰ সভাত সাংসদ আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলাম, প্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদ আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ৰশ্বিদ আহমেদসহ অন্যান্য সকল উপস্থিত আছিল ৷উল্লেখ্য যে, সভাত দুগৰাকী মহিলাই আজমলৰ সন্মুখত হুক হুকাই কান্দি দিলে, নিজৰ সন্তানক আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত পঢ়াৰ খৰছ বিনামুলীয়া কৰিবৰ কাৰণে এনেদৰে হুক হুকাই কান্দিলে ৷পিছত আজমলে উক্ত মহিলা দুগৰাকীৰ সন্তান কেইটাৰ পঢ়াৰ যাৱতীয় খা খৰচৰ বহন আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে বহন কৰিব বুলি উল্লেখ কৰে ৷ লগতে মহিলা দুগৰাকীক আজিৰ সভাত নগধ ধন দি আৰ্থিক সাহাৰ্য প্ৰদান কৰি মানৱতাৰ আন এক উল্লেখযোগ্য নিদৰ্শন ধাঙি ধৰে বদৰুদ্দিন আজমলে ৷ আজমলে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী সকলক উদ্দেশ্যে কৰি কয়- অসমত ইমান ডাঙৰ এটা ঘটনা ঘটি গল কিন্তু অসমৰ মাদ্ৰাছা শিক্ষকসকল নিমাত, তেওঁ লগতে কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অসমৰ মাদ্ৰাছাবোৰ বন্ধ কৰি দিলে কিন্তু আজিলৈকে কোনো এখন মাদ্ৰাছাৰ শিক্ষকে গনতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাৱস্ত কৰা নাই বুলি মন্তব্য কৰি আজমলে পুনৰ কয়- অসমৰ মাদ্ৰাছা বন্ধ সন্দৰ্ভত আমি জমিয়তে চুপ্ৰিম ক'ৰ্টত গৈ গোচৰ ৰুজু কৰিম বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰে ৷ আৰ্থিক সাহাৰ্য লাভ কৰা শিক্ষক - শিক্ষয়িত্ৰী সকলে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ শলাগ লয় ৷


No comments