Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙত ফেৰেংগাসহ বিটিচি পৰিষদৰ তিনি সদস্যক ৰাজহুৱা সম্বৰ্ধনা

  সঞ্জয় সৰকাৰ , কাজলগাঁও , ৩১ ডিচেম্বৰ: চিৰাং জিলাৰ শান্তিপুৰত বিটিচিৰ নৱ নিৰ্বাচিত সদস্য সকলক আদৰণী  জনোৱাৰ উদ্দেশ্যে আজি চিৰাং জিলাৰ ভাৰত ...

 


সঞ্জয় সৰকাৰ , কাজলগাঁও , ৩১ ডিচেম্বৰ: চিৰাং জিলাৰ শান্তিপুৰত বিটিচিৰ নৱ নিৰ্বাচিত সদস্য সকলক আদৰণী  জনোৱাৰ উদ্দেশ্যে আজি চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী শান্তিপুৰত এক সম্বৰ্ধনা সমাৰোহ অনুষ্ঠিত হয়। ইউপিপিএলৰ চিৰাং দুৱাৰ ব্লক কমিটিৰ উদ্যোগত আয়োজিত উক্ত সমাৰোহত সমষ্টিটোৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (বিআৰ ফেৰেংগা)ৰ লগতে গোৰ্খা সম্প্ৰদায়ৰ পৰা মনোনীত সদস্য মাধব চন্দ্ৰ চেত্ৰী আৰু আদিবাসী সম্প্ৰদায়ৰ সদস্য উইলচন হাসদাক দলৰ চিৰাং দুৱাৰ ব্লক কমিটি, এবছু, আগ্ছুকে আদি কৰি বিভিন্ন সংস্থা - সংগঠনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অঞ্চলটিৰ সহস্ৰাধিক লোকৰ সমাগমত অনুষ্ঠিত উক্ত সমাৰোহ সম্বোধন কৰি বিটিচিৰ নব নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বিআৰ ফেৰেংগাই  বিটিচিত চৰাকাৰ পৰিবৰ্তনৰ লগে লগে বিকাশৰ গতিৰো পৰিবৰ্তন হ'ব বুলি মন্তব্য কৰি কয় যে বিটিচিত কৰিব লগীয়া বহুতো কাম আছে, কিন্তু এইটো তেতিয়াহে সম্ভব হ'ব যেতিয়া অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠিৰ লোকে চৰকাৰক সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি আহিব । তেওঁ প্ৰমোদ বড়োৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰে সকলোকে লগত লৈ বিকাশৰ পথত আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। সভাত মনোনীত সদস্যদ্বয় মাধব ছেত্ৰী আৰু উইলচন হাসদায়ো বক্তব্য আগবঢ়ায় ।

No comments