Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিপিএফৰ লগত চৰকাৰৰহে মিত্ৰতা, বিজেপিৰ মিত্ৰতা নাই : ৰঞ্জিত কুমাৰ দাস

  সঞ্জীৱ দাস, ভৱানীপুৰ, ৫ ডিচেম্বৰ : সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ ভাষা- কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্রত যথেষ্ট কাম কৰিছে |...

 


সঞ্জীৱ দাস, ভৱানীপুৰ, ৫ ডিচেম্বৰ : সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ ভাষা- কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্রত যথেষ্ট কাম কৰিছে |আমি বিধানসভা নিৰ্বাচনৰ আগতে ৰাইজক প্রতিশ্রুতি প্রদান কৰিছিলো যে জাতি-মাটি-ভেটি ৰক্ষা কৰিম |যি সকল লোকে কথাখিনি হৃদয়ংগম কৰিব পাৰিছে তেওঁলোকে বুজি পাইছে। আমি অসম সাহিত্য সভাক দুই কোটি টকা আৰ্থিক অনুদান আগবঢ়াইছো কাৰণ ভাষা-সংস্কৃতি হ'ল জাতিৰ মূল চালিকা শক্তি |জনগণনাৰ প্রতিবেদনৰ সময়ত যদি কোনো ব্যক্তিয়ে অসমীয়া নিজৰ ভাষা নহয় বুলিও কয় আমি অসমীয়া ভাষাটো চৰকাৰী ভাষা কৰিছো |যি কাম কোনো এখন চৰকাৰে ইমান দিনে কৰা নাছিল। -এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। সৰুপেটাৰ সমীপৱৰ্তী পুৰণ ভৱানীপুৰৰ ঐতিহ্যমণ্ডিত গোপাল আতা থান প্রাংগণত আজি আয়োজিত এখন ৰাজহুৱা সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি দাসে লগতে কয় যে নামঘৰ, সত্রক আমি কৃষ্টি-সংস্কৃতিৰ অভিকেন্দ্র হিচাপে পুনৰ গঢ়ি তুলিব বিচাৰিছো |মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কাম আৰম্ভ কৰিছিল |আমি সত্রসমুহৰ সংবৰ্ধনৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ লগতে পঞ্চাশ বছৰৰ পুৰণি আঠ হাজাৰ নামঘৰত আঢ়ৈ লাখকৈ পুঁজি অনুদান হিচাপে দিছো |আমি প্রদেশ বিজেপিয়ে চৰকাৰক এখন পত্র প্রেৰণ কৰিছো যে পঞ্চাশ বছৰ পুৰণি নামঘৰে অকল নহয় পাঁচ বছৰ আগতেও যদি নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে তেওঁলোককো অনুদান প্রদান কৰা হ'ব। ইয়াৰ দ্বাৰা আকৌএক লাখ নামঘৰে আৰ্থিক অনুদান পাব |কাৰণ এই নামঘৰ বিলাক কৃষ্টি-সংস্কৃতিৰ বাবেই গঢ়ি তোলা হৈছে |দাসে লগতে কয় যে সোণোৱাল চৰকাৰখনে ইতিমধ্যে এক লাখ পাঁচ হাজাৰ দুশ বিয়াল্লিশটা খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদান কৰিছে |পুনৰ এক লাখ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰা হ'ব অলপতে |আনহাতে ৰাজ্যিক সভাপতি দাসে লগতে কয় যে সাত লাখ দুখীয়া পৰিয়ালক পকীঘৰ, শৌচালয়, গেছ প্রদান কৰি ভেটি ৰক্ষাৰ প্রতিশ্রুতি পালন কৰা হৈছে |গোপাল আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্র নাথ শৰ্মা, বিজেপিৰ ৰাজ্যিক মুখপত্ৰ ফণী পাঠক, বজালী জিলা কমিটিৰ সভাপতি নগেন চৌধুৰী, ভৱানীপুৰ মণ্ডলৰ সভাপতি মামনি পাটগিৰিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে |সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সৰুপেটা ৰাজহ চক্র বিষয়া প্রাঞ্জল প্রতীম কোঁৱৰে |উল্লেখযোগ্য যে গোপাল আতাই প্রতিষ্ঠা কৰা সত্রখনৰ উন্নয়নৰ বাবে অলপতে অসম চৰকাৰে ৪৬ লক্ষ টকাৰ পুঁজি আন্ত:গাঁথনি উন্নয়নৰ বাবে আবণ্টন দিছে |আনহাতে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কংগ্রেছ-এআইইউডিএফৰ মিত্রতা পূৰ্বৰে বুলি আজি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি কয় যে তেওঁলোকক মিত্রতা কেতিয়াবা গোপন কেতিয়াবা মুকলি। বিগত লোকসভাৰ নিৰ্বাচনত মঙলদৈ, শিলচৰ আদি সমষ্টিত এ আই ইউ ডি এফে  প্রাৰ্থী নিদিয়াকৈ কংগ্রেছক সহায় কৰিব বিচাৰিল যদিও বিজেপিয়ে দেৰ লক্ষ ভোটত মঙলদৈ আৰু আশী হাজাৰ ভোটত শিলচৰত বিজয়ী সাব্যস্ত কৰিছিল। কংগ্রেছ- এ আই ইউ ডি এফ এটা মূদ্রাৰ ইপিঠি -সিপিঠি হ'লেও অসমৰ ৰাইজে ইতিমধ্যে সংকল্প গ্রহণ কৰিছে যে তেওঁলোকক আগন্তুক বিধানসভা নিৰ্বাচনত ২২ ৰ পৰা ২৩ খন আসনত সীমাবদ্ধ কৰি ৰাখিব |স্বাভিমানী অসমীয়াসকলে স্বাভিমানী ভাৰতীয়সকলে অসমৰ স্বাৰ্থত এই সংকল্প ইতিমধ্যে গ্রহণ কৰিছে |আগন্তুক নিৰ্বাচনত উজনি আৰু উত্তৰ অসমৰ নতুনকৈ আঠটা সমষ্টি বিজেপিৰ মিত্রজোঁটে লাভ কৰিব | আনহাতে দাসে বিজেপিয়ে এতিয়া 'লিডাৰ' নহয় 'কেডাৰ' বিচাৰে বুলি সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত উল্লেখ কৰি বিজেপিত এখন ' স্কিনিং' কমিটি গঠন কৰা হৈছে। কোনো নেতাই দলত যোগদান কৰিব বিচাৰিলে এই কমিটিয়ে সিদ্ধান্ত ল'ব বুলি কয়। আনহাতে দাসে বিপিএফৰ লগত এতিয়া চৰকাৰৰহে মিত্রতা আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্রকাশ কৰি বিজেপিৰ লগত মিত্রতা নাই বুলি কয়। আগন্তুক নিৰ্বাচনত ইউ পি পি এলৰ লগত মিত্রতা হোৱাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিক অৱগত কৰিছো বুলি তেওঁ জানিবলৈ দিয়ে |লগতে বিপিএফে বিগত সময়ত বিজেপিৰ ক্ষতি কৰিব বিচাৰিছিল বুলি মন্তব্য প্রকাশ কৰে |

No comments