Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোৰ সোণতলীত শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টাঃ আৰক্ষী চকীত এজাহাৰ দাখিল

  গণ বাৰ্তা,সোণতলী,  ১ জানুৱাৰী কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াপামত কালি স্কুলীয়া ছাত্ৰ এগৰাকীক গাঞ্জা ব্যৱসায়ীৰ পৰিয়ালে পৰিকল্পিতভ...


 গণ বাৰ্তা,সোণতলী,  ১ জানুৱাৰী কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াপামত কালি স্কুলীয়া ছাত্ৰ এগৰাকীক গাঞ্জা ব্যৱসায়ীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা কৰে৷ জানিব পৰামতে সোণতলীৰ শেলেসুঁতি গাঁৱৰ ৰাশেদ আলীৰ পুত্ৰ তথা ছমৰীয়াপাম আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মণিৰুল হকে বিদ্যালয় ছুটীৰ পিচত খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াপাম গাঁৱৰ আমজাদ আলীৰ পুত্ৰ ৰাব্বুল হকে শিলগুটি নিক্ষেপ কৰাত শিক্ষাৰ্থীগৰাকী মূৰত আঘাত পায়৷ পিচত এইলৈ শিক্ষাৰ্থী মণিৰুল হক আৰু উদণ্ড যুৱক ৰাব্বুল হকৰ মাজত কাজিয়াৰ সৃষ্টি হয়৷ পিচত ৰাব্বুল হকৰ পিতৃ আমজাদ আলী, মাতৃ ৰাবিয়া খাতুন, খুড়া আফজাল আলী, খুড়া সুকুমুদ্দিনে শিক্ষাৰ্থী মণিৰুল হকক ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে চোঁচৰাই নি কাঠৰ খুঁটাত বান্ধি লাঠি, কোৰ, ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায়৷ ইপিনে মণিৰুল হকক বিদ্যালয়ৰ কেইগৰাকী শিক্ষাৰ্থীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও একপ্ৰকাৰ ব্যৰ্থ হয়৷ আনহাতে ঘটনাৰ স-বিশেষ জানিব পাৰি মণিৰুলৰ পৰিয়ালে সোণতলী আৰক্ষীক অৱগত কৰে৷ পিচত সোণতলী আৰক্ষীয়ে আহত শিক্ষাৰ্থী মণিৰুল হকক দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ উক্ত ঘটনা সন্দৰ্ভত মণিৰুল হকৰ পিতৃয়ে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে আমজাদ আলীৰ পৰিয়ালটো অবৈধ মদ, জুৱা, গাঞ্জাৰ লগতে নাৰীদেহ ব্যবসায়ৰ সৈত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ আনহাতে উত্তেজিত ৰাইজ-শিক্ষাৰ্থীয়ে আমজাদ আলীৰ বাসগৃহত ৰোপন কৰা অবৈধ ভাংগছ কাটি নষ্ট কৰে৷

No comments