Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ ভাতকুছিত কাৰাটেৰ পৰীক্ষা; নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান WTSKFৰ সভাপতি মজহাৰুল ইছলামৰ

  পুলেন্দ্ৰ দাস, বৰপেটা, ১৩ ডিচেম্বৰ : দক্ষিণ বৰপেটা কাৰাটে একাডেমীৰ উদ্যোগত আজি কাৰাটেৰ ৰঙীন বেল্টৰ গ্ৰেডিং পৰীক্ষা সম্পন্ন হয় ৷ ভাতকুছিৰ শ...

 


পুলেন্দ্ৰ দাস, বৰপেটা, ১৩ ডিচেম্বৰ : দক্ষিণ বৰপেটা কাৰাটে একাডেমীৰ উদ্যোগত আজি কাৰাটেৰ ৰঙীন বেল্টৰ গ্ৰেডিং পৰীক্ষা সম্পন্ন হয় ৷ ভাতকুছিৰ শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই পৰীক্ষাত ৱৰ্লড ট্ৰেডিচনেল চোটোকান কাৰাটে ফেডাৰেচন চমুকৈ  WTSKF ৰ ৰাজ্যিক সভাপতি মজহাৰুল ইছলামৰ লগতে অন্যান্য বিষয়বীয়া সকল উপস্থিত থাকে ৷ উল্লেখ্যে যে, একাংশ ক্ৰীড়ানুৰাগী ৰাইজৰ প্ৰচেষ্টাত কিছু মাহ পূৰ্বে বৰপেটা চহৰৰ সমীপৰ ভাতকুছিত আত্মপ্ৰকাশ কৰা দক্ষিণ বৰপেটা কাৰাটে একাডেমীৰ শিক্ষাৰ্থীসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ একাডেমী খনৰ প্ৰশিক্ষকদ্বয় জহৰুদ্দিন আৰু মুলাম খানে শিক্ষাৰ্থীসকলক নিয়মিতভাবে কাৰাটে শিক্ষা প্ৰদান কৰি আহিছে ৷ আজিৰ গ্ৰেডিং পৰীক্ষাত  "ৱৰ্লড ট্ৰেডিচনেল চোটোকান কাৰাটে ফেডাৰেচন"ৰ ৰাজ্যিক সভাপতি মজহাৰুল ইছলামৰ লগতে দেৱৰাজ শৰ্মা, আবু চালেহ, বিশ্বজিৎ পাঠকো উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ পৰীক্ষা লয় ৷ নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায় WTSKF ৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ উল্লেখ্য যে, দক্ষিণ বৰপেটা কাৰাটে একাডেমীত নতুন শিক্ষাৰ্থীৰ বাবে নামভৰ্তি প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ৷ ইচ্ছুক শিক্ষাৰ্থীক ৮৬৩৮৯৪৩৯৬৭ অথবা ৯৯৫৪৭৮৮৭৯৯ ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে উদ্যোক্তা সকলে অনুৰোধ জনাইছে ৷


No comments