গনবাৰ্তা মাণিকপুৰ ১৫ ডিচেম্ববৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাগুনাগাৱ বৰবাখৰাৰ ভূপেন দাসৰ পুত্ৰ সুৰৎ দাস ( 25) প্ৰাতঃভ্ৰমণ...
গনবাৰ্তা মাণিকপুৰ ১৫ ডিচেম্ববৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফাগুনাগাৱ বৰবাখৰাৰ ভূপেন দাসৰ পুত্ৰ সুৰৎ দাস ( 25) প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি নাপায় যদিওঁ পিছত মানাহ নৈৰ কাষত যুৱকজনৰ কাপোৰ আৰু ছেণ্ডেল প্ৰত্যক্ষ কৰি নৈৰ বুকুত নিৰুদ্দেশ হোৱাৰ সন্দেহ প্ৰকাশ কৰে। মাণিকপুৰ আৰক্ষীক খৱৰ দিয়াত আৰক্ষী বিষয়া ধনঞ্জয় দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু উদ্ধাৰৰ বাবে SDRF বাহিনীৰ ব্যৱস্থা কৰে। SDRF য়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিওঁ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত অধ্যয়নৰত যুৱকজন মৃগীৰোগত আক্ৰান্ত আছিল বুলি পৰিয়ালৰ সুত্ৰে জানিব পৰা গৈছে। তেখেতৰ মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
No comments