গণবাৰ্তা বিশেষ , ধুবুৰী, ১৩ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাই (NPS) দেশ তথা ৰাজ্যৰ ২০০৪ চনৰ পিছত চৰকাৰী চাকৰিত যোগদান কৰা বিষয়া, শি...
গণবাৰ্তা বিশেষ , ধুবুৰী, ১৩ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাই (NPS) দেশ তথা ৰাজ্যৰ ২০০৪ চনৰ পিছত চৰকাৰী চাকৰিত যোগদান কৰা বিষয়া, শিক্ষক, কৰ্মচাৰীসকলৰ ভৱিষ্যত সম্পৰ্কে শংকিত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত এই NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা (OPS) পুন:প্ৰৱৰ্তনৰ দাবীত সংগ্ৰাম চলাই যোৱা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ(AAGNPSEA) ধুবুৰী জিলা সমিতিৰ অন্তৰ্গত বৃহত্তৰ আগমনী অঞ্চল সামৰি আগমনী আঞ্চলিক কমিটিখন আজি গঠন হয়। এই উদ্দেশ্যে আগমনী ছোৱালী এম, ই, স্কুলত হালাকুৰা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক আব্দুল জলিল তালুকদাৰৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। ধুবুৰী জিলা সমিতিৰ উপদেষ্টা ৰবিউল ইছলাম ছেলিম, কাৰ্যকৰী সভাপতি মফিদুল ইছলাম, উপ-সভাপতি ধৃতধী প্ৰধানী আৰু ছামছুল ইছলাম আহমেদ, কোষাধ্যক্ষ ছানোৱাৰ হুছেইন সৰকাৰৰ উপস্থিতিতি আৰু পৰ্যবেক্ষণত অনুষ্ঠিত হালাকুৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুল জলিল তালুকদাৰক সভাপতি, মন্তেশ্বৰ ৰায়ক কাৰ্যকৰী সভাপতি, হামেদ আলী মন্ডল আৰু মজনু হকক উপ-সভাপতি, ৰফিকুল ইছলামক সম্পাদক, আবু ওবাইদা হুছেইন সৰকাৰ আৰু আতিকুৰ ৰহমানক যুটীয়া সম্পাদক, সহিদুল ইছলামক সাংগঠনিক সম্পাদক, নাৰায়ণ ভকতক কোষাধ্যক্ষ আৰু ভালেসংখ্যক কাৰ্যকৰী সদস্য হিচাপে লৈ আগমনী আঞ্চলিক কমিটি গঠন কৰা হয়। এই নতুন কমিটিয়ে আগমনী অঞ্চলৰ সকলো বিভাগৰ সমূহ NPS কৰ্মচাৰীক লৈ NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যবস্থা বাহাল ৰখাৰ দাবীত চলি থকা সংগ্রামখনত এক বলিষ্ঠ ভূমিকা পালন কৰিব বুলি উপস্থিত কৰ্মচাৰীসকলে আশা ব্যক্ত কৰে।
No comments