Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজমল ফ্ৰি I.A.S কোচিঙৰ জৰিয়তে ৯ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিলে অসম লোকসভা আয়োগৰ পৰীক্ষাত

মাহমুদ আলী, নীলবাগান, ২৫ ডিচেম্বৰ:  আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ফ্ৰী I.A.S কোচিঙৰ জৰিয়তে পুনৰ উজলি উঠিল অসমৰ বহুকেইজন মেধাৱী শিক্ষা...


মাহমুদ আলী, নীলবাগান, ২৫ ডিচেম্বৰ: আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ফ্ৰী I.A.S কোচিঙৰ জৰিয়তে পুনৰ উজলি উঠিল অসমৰ বহুকেইজন মেধাৱী শিক্ষাৰ্থী৷ বৃহস্পতিবাৰে অসম লোকসভা আয়োগৰ দ্বাৰা অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতামুলক পৰীক্ষাত আজমল ফ্ৰী I.A.S কোচিঙৰ ৯ গৰাকী শিক্ষাৰ্থীয়ে সফলতা লাভ কৰি গৌৰৱ অৰ্জন কৰে৷ আজমল ফ্ৰী কোচিঙৰ জৰিয়তে সফলতা লাভ কৰা ৯ গৰাকী শিক্ষাৰ্থী ক্ৰমে লক্ষিমপুৰৰ অংকনজ্যোতি ফুকন, ৰাজজ্যোতি বৰা, দক্ষিন শালমাৰাৰ ৰৌচিনুল আলম, গুৱাহাটীৰ অম্লান ফুকন, খাচিব আহমেদ আৰু ভাৰ্গৱ হাজৰিকা, গোৱালপাৰাৰ নিৰ্মাণ নাথ, শিৱসাগৰৰ সুদীপ গগৈ আৰু গোৱালপাৰাৰ ইফটিকাৰ হুছেইন,উল্লেখযোগ্য যে ২০০৬ চনৰ পৰাই আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত ফ্ৰি I.A.S কোচিং আঁচনিখন চলি আছে৷ইয়াৰ পূৰ্বে আজমল ফ্ৰী I.A.S কোচিঙৰ জৰিয়তে ২৮ গৰাকী শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে৷যোৱা বছৰ অসম লোকসভা আয়োগৰ পৰীক্ষাতো আজমল ফ্ৰী I.A.S কোচিঙৰ জৰিয়তে নলবাৰীৰ পাৰ্থ প্ৰতীম বৰ্মন, জাগীৰোডৰ কৃষান জ্যোতি ডেকা, ধেমাজিৰ গায়ত্ৰী পাতিৰ আৰু হোজাই লংকাৰ সুমা ৰয় উত্তীৰ্ণ হয় আৰু বৰ্তমান বিভিন্ন চৰকাৰী পদত নিয়োজিত হৈ অসম মাতৃৰ সেৱা আগবঢ়াই আছে বুলি আজি সংবাদমেলত মন্তব্য কৰে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে৷ইফালে কৃতি শিক্ষাৰ্থীসকলৰ সফলতাত আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ন্যাসৰক্ষী সিৰাজুদ্দিন আজমলে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷লগতে যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আজমল ফাউণ্ডেচনৰ বিনামূলীয়া I.A.S কোচিঙত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিছিল, এতিয়া সফলতা লাভ কৰি সেই একেই উদ্দেশ্য, নিষ্ঠা আৰু একাগ্ৰতাৰে চৰকাৰী বিষয়া হিচাপে নিয়োজিত হৈ অসম তথা দেশৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ আজমলে সকলোকে আহ্বান জনাই সকলোৰে জীৱনৰ উত্তৰোত্তৰ কামনা কৰে৷

No comments