Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সুৰাপায়ী চালকৰ বিৰুদ্ধে গুৱাহাটীত নিশা পৰিবহন আৰক্ষী , আবকাৰী বিভাগৰ যৌথ অভিযান

গণবাৰ্তা, আজাৰা , ২৬ ডিচেম্বৰ :  সমাগত নৱবৰ্ষ আৰু বৰ্তমানৰ উৎসৱ কালীন পৰিবেশৰ নামত কোনো গাড়ী বা বাহন চালকে যাতে সুৰাপান কৰি ৰাজপথত সন্ত্ৰাস ...


গণবাৰ্তা, আজাৰা , ২৬ ডিচেম্বৰ :  সমাগত নৱবৰ্ষ আৰু বৰ্তমানৰ উৎসৱ কালীন পৰিবেশৰ নামত কোনো গাড়ী বা বাহন চালকে যাতে সুৰাপান কৰি ৰাজপথত সন্ত্ৰাস চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটিয়ে শেহতীয়াভাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কমিটিৰ অধ্যক্ষ আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু ৰাজ্যৰ পৰিবহন আয়ুক্ত আদিল খানৰ নিৰ্দেশত ২৪ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ ব্যস্ত জি এছ ৰোডৰ এ বি চি পইণ্টত সুৰাপায়ী চালকৰ বিৰুদ্ধে এক বৃহৎ যৌথ অভিযান চলোৱা হয় । অভিযানত জিলা পৰিবহন বিষয়া আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটিৰ সদস্য সচিব গৌতম দাস , মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ অতিৰিক্ত উপ আয়ুক্ত মৃণ্ময় গোস্বামী , কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত এক বিশাল বাহিনীয়ে জি এছ ৰোডত চলাচল কৰা লঘু বাহন সমূহৰ চালকক পৰীক্ষা কৰা হয় । আবকাৰী বিভাগৰ দলে ব্ৰেথ এনলাইজাৰ যন্ত্ৰৰ সহায়ত চলোৱা পৰীক্ষাত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক মাত্ৰাত সুৰাপান কৰি বাহন চলোৱা পাঁচজন চালকক ধৰা পেলোৱা হয় । সুৰাপায়ী চালক সকলক স্বাস্থ্য বিভাগৰ জৰিয়তে আৰক্ষীক গতাই দিয়া হয় । অভিযানৰ জৰিয়তে ৰাজপথত উৎসৱৰ নামত যাতে কোনো চালকে বাহন নচলাই তাৰ বাবে এক সজাগতা অভিযান চলোৱা হয় । অভিযানত কামৰূপ মহানগৰ জিলাৰ মটৰ পৰিদৰ্শক ক্ৰমে কানাই মহন্ত , দুৰ্গা গগৈ , দেবাংচু দত্ত , বলেন পাঠক , প্ৰৱৰ্তক পৰিদৰ্শক ক্ৰমে অনিমেশ দাস , কাত্যজিৎ বুঢ়াগোহাঁই , লক্ষ্মী বুঢ়াগোহাঁই , গজেন হাজৰিকাসহ  পৰিবহন বিভাগৰ এটা বৃহৎ দল , আবকাৰী আৰু  যানবাহন আৰক্ষীৰ এটা বৃহৎদলে ভাগ লয় । জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও একাংশ চালকে সুৰাপান কৰি ৰাজপথত বাহন চলোয় দুর্ঘটনা সংঘটিত কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে । এনে চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও মুখ্যমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীয়ে যৌথ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে ।

No comments