Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পথাৰ শিল্পী লোহিত গগৈৰ পিতৃ তথা লেখাপানীৰ সমাজ সংগঠক বানেশ্বৰ গগৈৰ দেহাবসান, অঞ্চলজুৰি শোকৰ বন্যা

গণ বার্তা, লেখাপানী, ১৮ ডিচেম্বৰ  :  পথাৰ শিল্পী লোহিত গগৈৰ পিতৃ বানেশ্বৰ গগৈৰ বিয়োগত সমগ্ৰ অঞ্চল জুৰি এক শুকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ।  ব...


গণ বার্তা, লেখাপানী, ১৮ ডিচেম্বৰ  :  পথাৰ শিল্পী লোহিত গগৈৰ পিতৃ বানেশ্বৰ গগৈৰ বিয়োগত সমগ্ৰ অঞ্চল জুৰি এক শুকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ।  বৃহস্পতিবাৰে বিয়লি প্ৰায়  ৪.১৫ বজাত লোহিত গগৈৰ পিতৃ বানেশ্বৰ গগৈৰ  নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ।প্ৰায় ৭৮ বছৰত মৃত্যুক আঁকোৱালি লোৱা বানেশ্বৰ গগৈয়ে মৃত্যু সময়ত তেখেতৰ পত্নী, চাৰিজন পুত্ৰ, দুগৰাকী জী সহ বহু সংখ্যক নাতি নাতিনী সকলক চিৰ বিদায় দি  ইহলীলা সম্পন্ন কৰাত পৰিয়ালৰ মাজত এক শোকাকুলৰ পৰিবেশ সৃষ্টি হয় । তেখেতৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে শিল্পী লোহিত গগৈৰ পিতৃৰ বাসগৃহত সহস্ৰাধিক অনুৰাগী সকল উপস্থিত হৈ বানেশ্বৰ গগৈৰ নশ্বৰ দেহৰ চৰণত পুষ্পঞ্জলি, ধূপ, বন্তি প্ৰজ্বলন কৰি শুক্ৰবাৰে লোহিত গগৈৰ পিতৃৰ নিজ বাসগৃহৰ চৌহদত অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰি আন্তিম সংস্কাৰ জনাই অশ্ৰু অঞ্জলিৰে প্ৰয়াত বানেশ্বৰ গগৈ দেৱক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  । উল্লেখযোগ্য যে দেশ স্বাধীনৰ পাছতেই প্ৰতিষ্ঠা হোৱা তিনিচুকীয়া জিলাৰ একেবাৰে সীমামূৰীয়া অঞ্চল কেনিয়া ফানেঙ গাঁৱত কেইটামান পৰিয়ালে বসতি স্থাপন কৰি গাঁওখনত খেতি বাতিৰে নিজে জীৱন যাপন কৰাৰ উপৰিও পৰিয়ালক পুহ পাল দিছিল । বহু দুখ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ উপৰিও গাঁওখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলৰ মিলা প্ৰীতিৰে সমাজ খনত সমন্বয় ৰক্ষা কৰা মূলতেই সেই সময়ৰ পৰা লৈ বৰ্তমানেও কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিয়ে সমাজ সংগঠক হিচাপে পৰিচিত হৈছিল । কালৰ ক্ৰমত এজন এজনকৈ প্ৰায় সংখ্যক সমাজ সংগঠক সকল গাঁওখনৰ পৰা চিৰ  বিদায় লোৱাত ক্ৰমান্বয়ে সমাজ সংগঠক নগণ্য হৈ পৰিছে গাঁওখনত । তেনেস্থলত গাঁওখনৰ এটা বৃহৎ পৰিয়ালৰ ব্যক্তি তথা সমাজ সংগঠক বানেশ্বৰ গগৈ দেবে পৰিয়াল তথা গাঁওখনৰ পৰা চিৰ বিদায় লোৱাত গাঁও বাসীয়ে সহজ ভাবে গ্ৰহণ কৰিব পৰা নাই । পিছে স্বৰ্গীয় বানেশ্বৰ গগৈয়ে গাঁওখন প্ৰতিষ্ঠা কৰাৰ বিশেষ ভূমিকা গ্ৰহণ কৰাৰ উপৰিও তেখেতে সৃষ্টি কৰি গল এজন অসমৰ জনপ্ৰিয় শিল্পী তথা পথাৰ শিল্পী হিচাবে খ্যাত লোহিত গগৈ । শিল্পী লোহিত গগৈ হৈছে প্ৰয়াত বানেশ্বৰ গগৈৰ জ্যেষ্ঠ পুত্ৰ । এগৰাকী জনপ্রিয় শিল্পীৰ  পিতৃ হিচাপে অঞ্চলটোত যথেষ্ট সন্মানীয় পাত্ৰ আছিল প্ৰয়াত বানেশ্বৰ গগৈ । তেনে এগৰাকী সমাজ সংগঠকৰ বিয়োগত সঁচাকৈয়ে গাঁওখনত উকা অনুভৱ কৰিছে অনুৰাগী সকলে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )

No comments