Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় অধিৱেশন

গণ বাৰ্তা, মৰিয়নি, ২৬ ডিচেম্বৰঃ    মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক হাইস্কুল খেলপথাৰৰ জয়মাচি ডোং ডোং ক্ষেত্ৰত চলি থকা বিহু সুৰক্ষা...


গণ বাৰ্তা, মৰিয়নি,২৬ ডিচেম্বৰঃ  মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী জংঘলব্লক হাইস্কুল খেলপথাৰৰ জয়মাচি ডোং ডোং ক্ষেত্ৰত চলি থকা বিহু সুৰক্ষা সমিতি, অসমৰ দশম প্ৰতিষ্ঠা দিৱস আৰু পঞ্চম দ্বি- বাৰ্ষিক অধিৱেশন থলী বিহুৱা বিহুৱতীৰ নাচোনত উত্তাল হৈ পৰিছে । আজি দ্বিতীয় দিনা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৪ শতাধিকপ্ৰতিনিধিৰ লগতে স্থানীয়  শতাধিক বিহুৱা বিহুৱতীয়ে একেলগে বিহু নাচি এক শোভনীয় পৰিবেশৰ সৃষ্টি কৰে । পুৱা অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ গগৈয়ে বৃক্ষৰোপন কাৰ্য্যসূচীৰে দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে । বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি গোলোক মৰাণে পতাকা উত্তোলন কৰাৰ লগতে প্ৰতিখন জিলা সমিতিয়ে পতাকা উত্তোলন কৰাৰ লগে লগেই ঢোল - পেঁ‌পা- বাঁ‌হীৰ মাতেৰে চৌদিশ উত্তাল হৈ পৰে । লগে লগে উপস্থিত সকলোৱেই বিহু নাচত অংশ লয় । বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা লোহিত গগৈয়ে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰাৰ অন্তত পূৰ্বেশ্বৰ গগৈ সোঁ‌ৱৰণী সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিতুপন গগৈয়ে ।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ, বিশিষ্ট সমাজকৰ্মী ভাস্কৰ বৰুৱা  উপস্থিত থাকে । বিহু, ঝুমুৰ, মিচিং বিহু, জেং বিহু, পেঁ‌পা বাদন, ঢোল বাদন, টোকাৰী গীত, বীণ বাদন আদিয়ে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে । এই অনুষ্ঠানতে ৫০ গৰাকী প্ৰবীন বিহুৱা বিহুৱতীৰ লগতে সমগ্ৰ অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱা অনুষ্ঠান প্ৰতিষ্ঠানকো সম্বৰ্ধনা জনোৱা হয় । আনহাতে, দুপৰীয়া কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি গোলোক মৰাণৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা বিহু সুৰক্ষা সমিতিৰ সৈতে প্ৰতিষ্ঠাৰে পৰা জড়িত যতীন গগৈয়ে মুকলি সভা উদ্বোধন কৰি দিয়া ভাষনত অসম আৰু অসমীয়া আজি সংকটৰ সন্মুখত বুলি উল্লেখ কৰে । অসমীয়াৰ কৃষ্টি সংস্কৃতি আজি বিপদাপন্ন বুলিও লগতে উল্লেখ কৰে । তেওঁ কয়- সাংস্কৃতিক আন্দোলন কৰিব লাগিব । এই সময়ত সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন আছে । কাৰণ এটা জাতিক জীয়াই থাকিবলৈ হ'লে জাতিটোৰ সংস্কৃতিৰ প্ৰয়োজন । তাৰ এক আন্দোলনৰো প্ৰয়োজন ।  সাংস্কৃতিক আন্দোলনে ইতিবাচক পথৰ সন্ধান দিয়ে আৰু আগন্তুক দিনত এই পথেই বৰ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে । প্ৰসংগক্ৰমে তেওঁ কয় - কিন্তু কেৱল সাংস্কৃতিক আন্দোলনেই আমাক জীয়াই ৰাখিব নোৱাৰে , প্ৰয়োজন হ'ব অৰ্থনৈতিক আন্দোলনৰো । কৃষক আৰু কৃষি থাকিবই লাগিব তেতিয়াহে এটা জাতি জীয়াই থাকিব পাৰিব আৰু বিহু যিহেতু কৃষিৰ সৈতে জড়িত এক উৎসৱ । গতিকে কৃষি থকা মানেই বিহু থকা । 
সভাত বিহু সুৰক্ষা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি বিশ্বজনীন দত্তই নিৰ্দিষ্ট বক্তাৰ ভাষনত নতুন প্ৰজন্মৰ মাজত বিহুক শুদ্ধভাৱে উপস্থাপন কৰাব  পাৰিলেহে বিহু সুৰক্ষা সমিতিৰ উদ্দেশ্য কিছুদূৰ সফল হ'ব । বিশিষ্ট বিহুশিল্পীজনে প্ৰসংগক্ৰমে উল্লেখ কৰে যে প্ৰতিজন অসমীয়াই উপাৰ্জনক্ষম হ'ব লাগিব । কৃষিত উৎপাদনৰ পৰা উপাৰ্জন হ'ব লাগিব তেতিয়াহে তৰুণ প্ৰজন্ম কৃষিৰ প্ৰতি আগ্ৰহী হ'ব । আৰু তেতিয়াহে সংস্কৃতি জীয়াই থাকিব ।

বিহু সুৰক্ষা সমিতিয়ে বিহুৰ সৈতে জড়িত লোকৰ মানসিক উৎকৰ্ষ সাধন কৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । বিহুৰ দ্বাৰাই উঠি অহা প্ৰজন্মৰ মাজত চেতনা উদ্বুদ্ধ কৰিব পাৰিব লাগিব । হৃদয়ৰ পৰা হৃদয়লৈ ঐক্যবদ্ধভাৱে তাক লৈ যাব লাগিব । তেতিয়াহে সংস্কৃতি জীয়াই থাকিব বুলি বিশ্বজনীন দত্তই উল্লেখ কৰে । বিহু সুৰক্ষা সমিতি অসমৰ সম্পাদক প্ৰধান পবিত্ৰ মহন ফুকনে আঁ‌ত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কাৰ্বি লোক শিল্পী কাংথেৰ বে', চাহ জনগোষ্ঠীৰ বিশিষ্ট লোকশিল্পী ভদ্ৰ ৰাজৱাৰ আদিয়ে অংশগ্ৰহণ কৰি বৃহত্তৰ অসমীয়া  লোক সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে দায়বদ্ধতাৰ কথা দোহাৰে । আমন্ত্ৰিত অতিথিসকলক মঞ্চলৈ ঢোলে দগৰে পেঁ‌পাই আদৰি নিয়া দৃশ্য আৰু আশীৰোৰ্দ্ধৰ বিহুৱা বিহুৱতীৰ নাচে সমগ্ৰ অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে । আনহাতে, এই সভাতেই বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াই অহা ৰাজ্যখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিক অভিধা প্ৰদান কৰা হয় । সেই অনুসৰি  ডিব্ৰুগড়ৰ নৰেন চেতিয়াক আনন্দ দাস বঁটা, বৰপেটাৰ অধৰ চন্দ্ৰ গায়নক মইমত টাটিঙা বঁ‌টা, শিৱসাগৰৰ গীতুমনি গগৈ বৰুৱাক চেনিমাই দাস বঁ‌টা, লক্ষীমপুৰৰ লক্ষ্মী গগৈক অসম শ্ৰেষ্ঠ কৃষক বঁ‌টা, গোলাঘাটৰ দণ্ডেশ্বৰ বৰুৱাক মঘাই ওজা বঁ‌টা, গোলাঘাটৰ গোলাপ শইকীয়াক যুৱ কুমাৰ বৰুৱা বঁ‌টা, ডিব্ৰুগড় ৰাজগড়ৰ তুলসী নেওগ ওজাক ঘনশ্যাম খনিকৰ বঁ‌টা, মৰিগাঁ‌ৱৰ প্ৰয়াত লক্ষ্মীকান্ত বৰদলৈক মৰণোত্তৰ ভাৱে সামাজিক সমন্বয় বঁ‌টা, শিৱসাগৰৰ দ্বিজেন গগৈ আৰু লক্ষীমপুৰৰ মুকবুল হুছেইনক লোককৃষ্টি সেৱক বঁ‌টা প্ৰদান কৰা হয় । সমন্বয় আৰু সম্প্ৰীতিৰ বাবে গণশিল্পী হেমাংগ বিশ্বাস এইবাৰ বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইক প্ৰদান কৰাৰ কথা আছিল যদিও শাৰীৰিক অসূস্থতাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰিলে । বিহু সুৰক্ষা সমিতি অসমৰ সূত্ৰই জানিবলৈ দিয়া মতে তেখেতক এই বঁ‌টা ঘৰতেই প্ৰদান কৰা হ'ব । সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে পতাকা অৱনমনেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰ সামৰণি পৰে । 
ইফালে, কালি ৰাতি অনুষ্ঠিত সাধাৰণ পৰিষদৰ সভা ( কেন্দ্ৰীয় প্ৰতিনিধি সভা) ত বিহু সুৰক্ষা সমিতি অসমৰ আগন্তুক দুবছৰীয়া কাৰ্য্যকালৰ বাবে নতুন  কাৰ্য্যকৰী সমিতিখন গঠন কৰা হয় ।  আগন্তুক দুবছৰীয়া কাৰ্য্যকালৰ বাবে সভাপতি হিচাপে গোলোক মৰাণ, কাৰ্য্যকৰী সভাপতি হিচাপে  যতীন গগৈ আৰু সম্পাদক প্ৰধান হিচাপে পবিত্ৰ মহন ফুকন নিৰ্বাচিত হয় । ইয়াৰোপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকক লৈ বিহু সুৰক্ষা সমিতি অসমৰ শক্তিশালীভাৱে কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় । 

No comments