গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ ডিচেম্বৰঃ ৰহমৰীয়া অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি প্ৰেক্ষাগৃহৰ লগতে শ্ৰেণীকো...
গণ বাৰ্তা, ডিব্ৰুগড়, ১৬ ডিচেম্বৰঃ ৰহমৰীয়া অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি প্ৰেক্ষাগৃহৰ লগতে শ্ৰেণীকোঠাৰ উদ্বোধন কৰে লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই। ৰাজ্যিক স্বধিকাৰ পুঁজিৰ অধীনত ২০ লাখ টকীয়া নৱনিৰ্মিত প্ৰেক্ষাগৃহটো উদ্বোধন কৰাৰ লগতে বিদ্যালয় খনত অসম চৰকাৰৰ আচুতীয়া পুঁজিৰ অধীনত ৫ লাখ টকীয়া গৃহ নিৰ্মাণ কৰি উলিওৱা এটি অতিৰিক্ত শ্ৰেণীকোঠাৰো উদ্বোধন কৰে বিধায়ক গৰাকীয়ে। উদ্বোধন কৰাৰ সময়তে বিধায়ক গৰাকীয়ে কয় বান আৰু গৰাখহনীয়া অঞ্চলটোৰ ৰাইজে বাৰিষাৰ সময়ত সাময়িক আশ্ৰয় গৃহ ব্যৱহাৰ কৰিব পাৰিব আৰু সমান্তৰালকৈ বিদ্যালয় খনতো পাঠদানৰ ক্ষেত্ৰত কোনো বাধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে। তদুপৰি ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ লগতে শ্ৰেণীকোঠাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বিভিন্ন প্ৰতিযোগিতা মুলক কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। আনহাতে লাহোৱালৰ বিধায়কগৰাকীয়ে দিনযোৰা কাৰ্যসূচীৰে আজি ৰহমৰীয়াৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে ৰহমৰীয়া জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত স্বচ্ছ ভাৰত মিছন তথা গ্ৰামীণ আৰু পঞ্চায়তৰ ২০-২১ পঞ্চদশ বিত্তীয় আয়োগৰ ৩ লাখ টকা পুঁজিৰ দ্বাৰা নিৰ্মিত ৰাজহুৱা শৌচালয়টো শুভ উদ্বোধন কৰে। দিনযোৰা কাৰ্যসূচীত তেখেতক সংগ দিয়ে বিজেপি লাহোৱাল মণ্ডলৰ সভাপতি, জিলা পৰিষদ, পঞ্চায়তৰ সভাপতি সকলৰ লগতে বিজেপি দলৰ কাৰ্যকতাসকলে।
No comments