Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নগাঁও কলেজলৈ অট'ন'মাচ কলেজৰ মৰ্যাদা প্ৰদান

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও,২৩ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ  উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও কলেজক বিশ্ববিদ্যালয় অনুদান আয়োগে অ'...


ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও,২৩ ডিচেম্বৰঃ উত্তৰ পূৰ্বাঞ্চলৰ  উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও কলেজক বিশ্ববিদ্যালয় অনুদান আয়োগে অ'ট'ন'মাচ কলেজ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাখনৰ লগতে কলেজৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ বন্যা বৈছে। ৭৮ বছৰীয়া এক বৰ্ণিল  পৰিক্ৰমাৰ সাক্ষী ঐতিহ্যমণ্ডিত নগাঁও কলেজে জন্মলগ্নতে কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক, গৱেষণা আৰু ৰাজনৈতিক আদি সকলো দিশতে অগ্ৰণী এই নগাঁও কলেজে বিশ্বৰ প্ৰান্তে প্ৰান্তে জ্ঞানৰ পোহৰ বিলাইছে। এই ভূমিকাৰ বাবে ৰাষ্ট্ৰীয় মানদণ্ড প্ৰত্যায়ণ পৰিষদে (NAAC) যোৱা ২০১৬ বৰ্ষত তৃতীয়বাৰৰ বাবে ৩.২৭ চি. জি.পি. এ (এ) গ্ৰেড প্ৰদান কৰে। তাৰোপৰি ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰনালয়ে ২০১৯ বৰ্ষত প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদ হিচাপে স্বীকৃতি, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদে  ডি. এচ. টি ফিষ্ট অনুদান আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ২০১৯ বৰ্ষত চুবুৰীয়া 'নাক' ৰ মূল্যায়ণ নকৰা কলেজসমূহক পৰামৰ্শ দিয়াৰ উদ্দেশ্যেৰে সন্মানীয় ইউ. জি. চি. পৰামৰ্শদাতা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে কলেজখনৰ সকলো দিশতে ধাৰাবাহিক সফলতাৰ ফলস্বৰূপে যোৱা ২০২০ বৰ্ষৰ ৫ আৰু ৬ ডিচেম্বৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ  এটি সজাতি দলে নগাঁও কলেজ পৰিদৰ্শন কৰি কলেজখনৰ অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সচেতন ব্যক্তি, শিক্ষক-শিক্ষয়ত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগত পৃথকে পৃথকে মিলিত হৈ পুংখানুপুংখ পৰ্যবেক্ষণ কৰিছিল। যোৱা ২২ ডিচেম্বৰত বিশ্ববিদ্যালয় অনুদান আয়োগে আনুষ্ঠানিকভাবে পত্ৰৰ যোগেদি এই স্বীকৃতি প্ৰদান কৰে। এতিয়াৰে  পৰা কলেজখনে  সকলো কাৰ্য বিশেষকৈ শৈক্ষিক দিশত স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰিব। আনহাতে, এই স্বীকৃতি প্ৰদানৰ খবৰ লাভ কৰাৰ পিছতে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ এই ঐতিহাসিক মুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে শুভেচ্ছা প্ৰদান কৰে। আমেৰিকাত চান হৌষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ( San Houstan State University) ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিৰণ্য কুমাৰ নাথে কলেজৰ এই স্বীকৃতিৰ বাবে শুভেচ্ছা প্ৰদান কৰে। এই সফলতাত উৎফুল্লিত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কলেজখনৰ শুভাকাঙ্ক্ষী সকলো শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। ডঃ বৰকটকীয়ে  উল্লেখ কৰে যে বিশ্বায়নৰ শিক্ষা জগতত এই স্বীকৃতিয়ে শৈক্ষিক, গৱেষণা আদি সকলো দিশতে নগাঁও কলেজক এক নতুন মাত্ৰা প্ৰদান কৰিব। লগতে তেখেতে উল্লেখ কৰে যে নগাঁও কলেজে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশ যেনে- ইংলেণ্ড, আমেৰিকা, চুইজাৰলেণ্ড আদিৰ বিভিন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাবিদ আৰু বিজ্ঞানীৰ পৰামৰ্শ দাতা সমিতি গঠনেৰে শৈক্ষিক, বৌদ্ধিক, গৱেষণা আদিৰ উত্তৰণৰ কাৰণে কাম আৰম্ভ কৰিছে। অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক ড০ সত্যেন্দ্রনাথ বৰ্মন, অসম কলেজ শিক্ষক পৰিষদৰ সম্পাদক হিমাংশু মৰল, সভাপতি বিশ্বজিৎ ভূঞা, নগাঁও কলেজৰ উপাধ্যক্ষ দ্বয়  ক্ৰমে ড০ ৰঞ্জন কুমাৰ ভৰালী  আৰু অধ্যাপিকা বন্তি নেওঁগ আৰু নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ কৃষ্ণকান্ত মেধিয়ে শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও কলেজ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰাই কলেজৰ এই স্বীকৃতিত গৌৰান্বিত হৈ ছাত্ৰ-ছাত্ৰীৰ মাজত মিঠাই বিতৰণ কৰি উল্লেখ কৰে যে এই স্বীকৃতিয়ে অসমৰ শিক্ষা জগতত এক নজিৰ  হৈ ৰ'ব।

No comments