Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰবীন্দ্ৰ ভৱনত ‘কিতাপ পঢ়াৰ আন্দোলন’; জ্ঞান আহৰণৰ অন্যতম বাট হৈছে পুথি অধ্যয়নঃ ডঃ অমৰজ্যোতি চৌধুৰী

গুৱাহাটী, ১৩ ডিচেম্বৰঃ গ্ৰন্থ অধ্যয়নৰ বৌদ্ধিক যাত্ৰাক নতুন চিন্তাৰে উন্মেষ ঘটোৱাৰ প্ৰয়াসেৰে অসমত আনুষ্ঠানিকভাৱে দ্বিতীয় বাৰৰ বাবে আজি অভি...



গুৱাহাটী, ১৩ ডিচেম্বৰঃ গ্ৰন্থ অধ্যয়নৰ বৌদ্ধিক যাত্ৰাক নতুন চিন্তাৰে উন্মেষ ঘটোৱাৰ প্ৰয়াসেৰে অসমত আনুষ্ঠানিকভাৱে দ্বিতীয় বাৰৰ বাবে আজি অভিনৱ চিন্তাৰে এটি অনুষ্ঠান ৰূপায়ণ কৰা হয়। ৰবীন্দ্ৰ ভৱনত পুৱা ৯ বজাত 'কিতাপ পঢ়াৰ আন্দোলন' শীৰ্ষক অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে। এবছৰৰ পূৰ্বে তেওঁৰ নেতৃত্বতে গুৱাহাটী পুথিভঁৰাল প্ৰাংগনত 'কিতাপ পঢ়া আন্দোলন' ৰূপায়ণ কৰা হৈছিল। আজি অনুষ্ঠান উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে নাতিদীৰ্ঘ ভাষণ প্ৰসংগত কিতাপ অধ্যয়নৰ কেতবোৰ ইতিবাচক দিশ সম্পৰ্কে বক্তব্য ৰাখে। তেওঁ ভাষণ প্ৰসংগত আচলতে নিজে জ্ঞান আহৰণ কৰিব লাগিব বুলি উল্লেখ কৰি জ্ঞান আহৰণৰ অন্যতম বাট হ'ল পুথি অধ্যয়ন। আমাক লাগে জ্ঞানৰ সমাজ। জ্ঞানৰ সমাজে সমাজত শান্তি প্ৰতিষ্ঠা কৰে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগনৰ বকুল গছৰ তলত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বাৰীন্দ্ৰ শৰ্মাই। তেওঁ নাতিদীৰ্ঘ বক্তব্যত গ্ৰন্থৰ শক্তি সম্পৰ্কে উল্লেখ কৰে। তেওঁ কিতাপ এখন সৃষ্টিৰ মূলতে লেখকৰ অপৰিসীম জ্ঞানৰ ভাণ্ডাৰ জড়িত হৈ থাকে বুলি উল্লেখ কৰি কিতাপ এখন অধ্যয়ন কৰা আৰু নতুনকৈ এখন গ্ৰন্থ সংযোগ কৰা এগৰাকী অধ্যয়নশীল ব্যক্তিৰ মূল লক্ষ্য হোৱা ভাল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কাৰ্যসূচীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ পৰীক্ষা প্ৰাপ্তিৰ নম্বৰেই জীৱনৰ সৰ্বোচ্চ নম্বৰ নহয় বুলিহে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অসমত অভিনৱ প্ৰদ্ধতিৰে দ্বিতীয় বাৰৰ বাবে আনুষ্ঠানিকভাৱে 'কিতাপ পঢ়াৰ আন্দোলন’ত অসম জাতীয় বিদ্যালয়, নীলাচল জাতীয় বিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়কে ধৰি ভালেকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি, অধ্যাপক-অধ্যাপিকা, সাংবাদিকে কিতাপ পঢ়াৰ আন্দোলনত অংশগ্ৰহণ কৰি পুৱাৰ ৰ'দত ৰবীন্দ্ৰ ভৱনৰ বকুল তলত গ্ৰন্থ অধ্যয়ন কৰে।


একেলগে অভিভাৱক, শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰত হৈ পৰা দৃশ্য সঁচাকৈয়ে দৃষ্টিনন্দন হৈ পৰে। ৩০ মিনিটৰ কিতাপ পঢ়া কাৰ্যসূচীৰ পাছতে পঢ়ুৱৈ হিচাপে অংশগ্ৰহণ কৰা নীলাচল জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰা আৰু অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদাই আজি পঢ়া কিতাপৰ সম্পৰ্কে চমুকৈ বক্তব্য আগবঢ়ায়। উল্লেখ্য যে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী 'বাৰ্তাপখিলী'ৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত গুৱাহাটী পাণবজাৰস্থিত ভালেকেইটি প্ৰকাশন প্ৰতিষ্ঠানৰ লগতে বিপনীয়ে প্ৰদান কৰা গ্ৰন্থসমূহ বিনামূলীয়াকৈ পঢ়ুৱৈ সমাজক আগবঢ়োৱা হয়। বকুল তলত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগত বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, ডঃ বাৰীন্দ্ৰ শৰ্মাই, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত, কামৰূপ জিলা আৰক্ষী অধীক্ষক তথা বিশিষ্ট লেখক পাৰ্থ সাৰথি মহন্ত, বিশিষ্ট লেখক নয়ন প্ৰসাদ, জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মা, আৰক্ষী বিষয়া তথা লেখক প্ৰফুল্ল বৰ্মণ, পূৰ্বোদয় কাকতৰ সম্পাদক তথা বিশিষ্ট লেখক ৰবিশংকৰ ৰবি, বিশিষ্ট অভিনেতা অসীম কৃষ্ণ বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোকে একেলগে কিতাপ পঢ়াৰ এক বৌদ্ধিক যাত্ৰাৰ অংশীদাৰ হোৱাৰ লগতে অন্যতম ধাৰা গঢ়ি তোলে। উল্লেখ্য যে সভ্যতাৰ উত্তৰণত গ্ৰন্থৰ ভূমিকাই আটাইতকৈ বেছি। যান্ত্ৰিক যুগত নৱ প্ৰজন্ম বেছি সক্ৰিয় হোৱাৰ বাবেই গ্ৰন্থ অধ্যয়নৰ প্ৰতি নৱ-প্ৰজন্মৰ মাজত অনিহা নাহিবলৈকে এইদৰে শিক্ষাবিদ গৰাকীৰ উদ্যোগত আৰু বাৰ্তাপখিলীৰ সহযোগত অসমত গঢ়ি তোলা হৈছে গ্ৰন্থ অধ্যয়ন। আচলতে কিতাপ পঢ়াৰ প্রতি নতুন প্রজন্মৰ ধাউতি বঢ়াবলৈকে অসমৰ ভিন্ন প্ৰান্তত কিতাপ পঢ়াৰ আন্দোলন ৰূপায়ণ কৰিবলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক আহ্বায়কত্ৰয় জিতুমণি বৰা, গোপাল জালান আৰু ব্ৰজেন্দ্ৰ নাথ ডেকাই অনুৰোধ জনাইছে।

No comments