Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গণ অধিকাৰৰ সাংবাদিক ছাহেদ আলী আহমেদলৈ মহাত্মা জ্যোতিৱা ফুলে নেশ্বনেল সন্মান পদক বঁটা

  গণ বাৰ্তা¸ পাকাবেতবাৰী/ কয়াকুছি ¸  ২০ ডিচেম্বৰ :  বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পুতলাৰটাৰী গাঁৱৰ  যুৱ  সমাজকৰ্মী তথা পশ্চিম বেতবাৰী সমব...


 গণ বাৰ্তা¸ পাকাবেতবাৰী/ কয়াকুছি ¸  ২০ ডিচেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পুতলাৰটাৰী গাঁৱৰ  যুৱ  সমাজকৰ্মী তথা পশ্চিম বেতবাৰী সমবায়  সমিতিৰ সচিব জালাল উদ্দিন ভূঞা ¸ সৰুক্ষেত্ৰীৰ  থেকাগাঁৱৰ যুৱক তথা মাইন’ৰিটী লিটাৰেচী ফাউণ্ডেন নামৰ এনজিঅ’ৰ  সভাপতি তথা গ্লীমচ একডেমীৰ সঞ্চালক জেহেৰুল ইছলাম খান আৰু ভৱানীপুৰ সমষ্টিৰ কৰাগাড়ী গাঁৱৰ  যুৱ সমাজকৰ্মী তাইজ উদ্দিন আহমেদলৈ এইবেলি দিল্লীস্থিত বাবু জগজীৱন ৰাম সাহিত্য আৰু কলা সংস্কৃতি অকাডেমীয়ে সমাজসেৱাৰ বাবে  আগবঢ়াইছে  ‘বাবু জগজীৱন ৰাম নেশ্বনেল সন্মান পদক বঁটা-২০২০’ । এই  বঁটা প্ৰদান কৰিব ২১ ডিচেম্বৰ মঙ্গলবাৰে দিনৰ ১ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত । নতুন দিল্লীৰ ৰাণীগঞ্জ মাৰ্গ  পাহাৰগঞ্জস্থিত ড০ আম্বেদকাৰ ভৱনত উক্ত বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰীয় সভাপতি  ড০ এছ এন খোবাৰ  দ্বাৰা পৰিচালিত বাবু জগজীৱন ৰাম সাহিত্য আৰু কলা সংস্কৃতি অকাডেমীয়ে । উক্ত অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ ন্যায় আৰু  অধিকাৰ মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া চমুকৈ আৰপিআই দলৰ  সভাপতি ৰাম দাস আথেৱালে ¸ সভাত অধ্যক্ষতা কৰিব  লোক সভাৰ প্ৰাক্তন অধ্যক্ষা মীৰা কুমাৰ ¸ অতিথি হিচাপে থাকিব দিল্লী চৰকাৰৰ সমাজকল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম ¸ ৰাজ্য সভাৰ সাংসদ সত্য নাৰায়ন জেটীয়া ¸ লোক সভাৰ সাংসদ ৰাজ কুমাৰ ৰঞ্জন সিং ¸ মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৱনৰাও ধোলপ ¸ নেপালৰ প্ৰাক্তন মন্ত্ৰী খৰগ  বাহাদুৰ বসাল ¸ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ড০ এন ডি আৰ চন্দ্ৰা ¸ অখিল ভাৰতীয় কংগ্ৰেছৰ প্ৰৱক্তা অংশুল অভিজিত ¸ দিল্লীৰ বিশিষ্ট সমাজকৰ্মী টি এন কুমাৰ ¸ পুণেৰ বিশিষ্ট সমাজকৰ্মী ড০ প্ৰথমেশ কুমাৰ অৱনায়ে ¸ আৰটিভি চেনেলৰ অধ্যক্ষ তথা ৰাষ্ট্ৰীয় দলিত  সাহিত্য অকাডেমীৰ অধ্যক্ষ মনোজ কুমাৰকে আদি কৰি বিশিষ্ট ব্যক্তিসকল । আনহাতে নতুন দিল্লীস্থিত বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য অকাডেমী'ৰ উদ্যোগত ৰাণীগঞ্জ মাৰ্গ পাহাৰগঞ্জৰ ড০ আম্বেদকাৰ ভৱনত আয়োজিত উক্ত বঁটা প্ৰদান অনুষ্ঠানত সৰুক্ষেত্ৰীৰ সংবাদকৰ্মী ছাহেদ আলী আহমেদৰ প্ৰদান  কৰিব ‘মহাত্মা জ্যোতিৱা ফুলে ৰাষ্ট্রীয় সম্মান পদক বঁটা- ২০২০ ।  উল্লেখযােগ্য যে সত্য নিষ্ঠ আৰু কষ্ঠ সহিষ্ণু সাংবাদিকতাৰ লগতে সাহিত্য আৰু সমাজ সংস্কাৰেৰে সেৱা আগবঢ়াই অহাৰ বাবে সমাজকৰ্মী এছ এ আহমেদক উক্ত বঁটা প্ৰদান কৰিব উদ্যোক্তসকলে । সংবাদকৰ্মী আহমেদে ইতিপূৰ্বে  কলিকতাৰ  ‘আনন্দমুখৰ পত্রিকা গােষ্ঠীৰ পৰা ‘আনন্দমুখৰ পত্রিকা বিশিষ্ট সাংবাদিকতা বঁটা ¸ কলিকতাৰ  আন্তর্জাতিক সাহিত্য পৰিষদৰ পৰা ‘ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ সন্মান বঁটা  ¸ দিল্লীস্থিত ভাৰতীয় দলিত সাহিত্য অকাডেমী'ৰ পৰা ড°আম্বেদকাৰ সাহিত্যশ্রী নেশ্বনেল এৱার্ড   ¸ দিল্লীস্থিত ‘বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য অকাডেমী'ৰ পৰা ‘বাবু জগজীৱন ৰাম নেশ্বনেল সন্মান পদক  ¸ কলিকতাস্থিত ‘আনন্দমুখৰ সাহিত্য পত্রিকা'ৰ পৰা কবি আৰু সমাজসেৱী  ¸ বৰপেটাৰােডৰ  কিঞ্চিত্ আন্তঃ ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক গােষ্ঠীৰ পৰা যুৱ-প্রতিভা’ সম্বর্ধনা  ¸ গুৱাহাটীৰ জনপ্রিয় ওৱেব মেডিয়া পাব্লিক প্ৰেছৰ পৰা ‘পাব্লিক প্ৰেছ শ্রেষ্ঠ সাংবাদিকতা বঁটা  ¸ কলিকতাৰ আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদৰ পৰা ‘স্বৰ্গীয় সদানন্দ দাস স্মৃতি সাংবাদিকতা  বঁটা ¸ বৰপেটাৰ  কৃষ্টি পথাৰ সাহিত্য, সামাজিক, সাংস্কৃতিক কেন্দ্র’ৰ পৰা সংবাদজ্যোতি বঁটা' পাবলৈ সক্ষম হৈছে । সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ  কয়াকুছিৰ পৰা সংবাদসেৱাৰ লগতে কয়াকুছিস্থিত ‘প্ৰেৰণা পুথিভঁৰাল’ আৰু সমন্বয় সাহিত্য গােষ্ঠীৰ সৈতে বিভিন্ন দিশত সেৱা আগবঢ়াই আহমেদে এগৰাকী সমাজসংগঠক হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁৰ এই সফলতা আৰু বঁটা পাই গৌৰৱ কঢ়িয়াই অনাৰ  বাবে  কয়াকুছিৰ কৃতি সন্তান তথা বিশিষ্ট চিকিৎসক ডাঃ শ্বাহ আলম ¸ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদ ¸ বিষয় শিক্ষক কমলজিত ভূঞা ¸ খাইৰুল ইছলাম  আৰু নজৰুল ইছলাম ¸  মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) ৰ কেন্দ্ৰীয় অধ্যক্ষ ¸ কাৰ্যকৰী অধ্যক্ষ ¸ সচিব প্ৰধান ক্ৰমে আদিত্য লহকৰ ¸ কেশৱ চহৰীয়া ¸ লক্ষীপ্ৰসাদ ডেকা  ¸  ৰাইজৰ দলৰ  কেন্দ্ৰীয় আহ্বায়ক  মনিৰুজ জামান  ¸ সংখ্যালঘু যুৱ পৰিষদ অসম চমুকৈ ‘মাইকা’ৰ  উপদেষ্টা সভাপতি ¸  কাৰ্যকৰী সভাপতি ক্ৰমে অধ্যক্ষ মজিবৰ ৰহমান ¸ইমদাদ উল্লাহ খান  আৰু হানিফ আলী আহমেদ  ¸ কয়াকুছি সচেতন নাগৰিক মঞ্চৰ সভাপতি ¸ কাৰ্যকৰী সভাপতি ক্ৰমে  ছোহৰাব আলী আৰু নুৰ হোছেইন  ¸  সংবাদকৰ্মী  প্ৰদীপ কুমাৰ সৰকাৰ, সংবাদকৰ্মী  আবু নাছিৰ আলমকে আদি কৰি বিভিন্ন ব্যক্তি বিশেষ আৰু  অনুষ্ঠান প্ৰতিষ্ঠানে  আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি  আহমেদৰ  ভৱিষ্যৎ জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছে । উল্লেখযোগ্য যে পুতলাৰটাৰী নিবাসী মৰহুম সাহেব উদ্দিন আৰু মৰহুমা ছুৰতজান নেছাৰ চতুৰ্থ গৰাকী পুত্ৰ  আহমেদে কৃষ্টি পথাৰৰ  সংবাদজ্যোতি বঁটা আৰু বাবু জগজীৱন ৰাম সাহিত্য আৰু কলা সংস্কৃতি অকাডেমীৰ পৰা মহাত্মা জ্যোতিৱা ফুলে নেশ্বনেল সন্মান পদক বঁটাৰে    সন্মানিত হোৱাত কয়াকুছি তথা জিলাখনৰ  বহুতো জ্ঞানী-গুনী ব্যক্তি বিশেষে আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সাংবাদিক তথা সমাজকৰ্মী ছাহেদ আলী আহমেদলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছে ।

No comments