Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাটাইখাৰত গ্ৰাম্য পৰ্যটন সম্পৰ্কীয় সজাগতা সভা

গণবাৰ্তা ,আজাৰা, ২৬ ডিচেম্বৰ: পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী মাটাইখাৰত অলপতে এখন গ্ৰাম্য পৰ্যটন সম্পৰ্কী...

গণবাৰ্তা ,আজাৰা, ২৬ ডিচেম্বৰ: পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী মাটাইখাৰত অলপতে এখন গ্ৰাম্য পৰ্যটন সম্পৰ্কীয় এখন জনসজাগতা মূলক সভা অনুষ্ঠিত হৈ যায়। ভাৰত পৰ্যটনৰ উদ্যোগত তথা এন ই ফ’কাছ ডট কম আৰু স্বেচ্ছাসেৱী সংগঠন ৰংমন টুৰিজিম চছাইটিৰ সহযোগত মাটাইখাৰ বিষ্ণুৰাভা পুথিভঁৰাল প্ৰাংগনত উক্ত
জনসজাগতা সভাখন আয়োজন কৰা হয়। পুথিভঁৰালৰ বিষয়ববীয়া, সদস্য, সদস্যা লগতে স্থানীয় পুৰুষ-মহিলা সকল উপস্থিত থকা জনসজাগতা মূলক সভাখনৰ আঁতধৰে সুলেখিকা দৰ্শনা বৰুৱাই। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলটোত প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ অঞ্চলটোৰ গঞা ৰাইজক গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিভিন্ন দিশ সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰা হয়। সভাখনত সুৰভি নেওগ, চন্দন নাথকে ধৰি সমলব্যক্তি সকলে উপস্থিত থাকি নিজ নিজ বক্তব্যৰ জৰিয়তে অঞ্চলবাসী ৰাইজৰ পৰম্পৰাগত গ্ৰাম্য কলাকৃষ্টিৰ সমাহাৰ ঘটাই ইয়াৰ জৰিয়তে পৰ্যটকক আকৰ্ষিত কৰিব পৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়াই। আনকি দেশ বিদেশৰ পৰ্যটন ক্ষেত্ৰ সমূহৰ উদ্ধৃতিৰে অঞ্চলটোৰ পৰ্যটনৰ উল্লেখণীয় সমল সমূহ আঙুলিয়াই দিয়ে। তদুপৰি গ্ৰাম্য পৰ্যটনৰ যোগেদি নিবনুৱা সমস্যা সমাধান আৰু অৰ্থনৈতিক ভাবে টনকিয়াল হ’ব পৰা ইতিবাচক দিশবোৰৰ বিষয়ে সাবলীল ব্যাখ্যা দাঙি ধৰে। উক্ত সভাত এন ই ফ’কাছ ডট কমৰ সম্পাদিকা সংগীতা শইকীয়াই ভাষণ প্ৰসঙ্গত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অঞ্চলটো সচাকৈ আকৰ্ষণীয়। উক্ত অঞ্চলৰ পাহাৰ বা নিজৰাৰ পাৰত ঘৰ বনালে পৰ্যটকসকলে পৰিভ্ৰমণ কৰিবলৈ আহিলে থাকিব পাৰে। তেতিয়া অঞ্চলটোৰ যুৱকসকলে পৰ্যটকসকলক অঞ্চলটোৰ পৰিবেশ দেখুৱাব পাৰিব। ইয়াৰ জড়িয়তে নিৱনুৱা সমস্যা কিছু হলেও লাঘব হব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে উক্ত জনসজাগতা সভাখন অনুষ্ঠিত কৰা বাবে ভাৰত চৰকাৰ পৰ্যটন বিভাগ আৰু ৰংমণ ট্যুৰিজিম চ'ছাইটিৰ বিষয়ববীয়া তথা সদস্য সকলৰ শলাগ লয়। অনুষ্ঠানত ৰবিন বৰুৱা, নৱজ্যোতি সিকদাৰ তথা ৰংমন চছাইটিৰ প্ৰমোদ দাস, প্ৰাণেশ্বৰ ৰাভা, কন্দৰ্প বড়ো আৰু উদীয়মান কবি চাৰ্জেন ৰাভা উপস্থিত থাকি অঞ্চলটোৰ ঐতিহাসিক সমলবোৰৰ বিষয়ে উল্লেখ কৰে।


No comments